![]()
নিউজ ডেস্ক:
প্রতিপক্ষ যিমানেই শক্তিশালী নহওক কিয়, ভাৰতৰ এক ইঞ্চি মাটিও কোনেও কাঢ়ি নিব নোৱাৰে। লাদাখ সীমান্তত চীনৰ সৈতে সঙ্ঘাতক লৈ এইবাৰ এনে বার্তাই দিলে প্রতিৰক্ষা মন্ত্রী ৰাজনাথ সিঙে। উল্লেখযোগ্য যে দুদিনীয়া লাদাখ আৰু জম্মু-কাশ্মীৰ ভ্ৰমণলৈ গৈছে ৰাজনাথ সিং। শুক্রবাৰে ভ্ৰমণৰ প্রথম দিনা লেহত উপস্থিত হয় তেওঁ। তাত ভাৰতীয় জোৱানসকলৰ উদ্দেশ্যে ভাষণ দিয়াৰ সময়ত, এনেদৰেই চীনক কঠোৰ বার্তা দিয়ে।

ৰাজনাথ সিঙে আজি কয়, ‘‘আলাপ-আলোচনাৰ মাধ্যমেৰে সীমান্ত বিৰোধ সমাধানৰ চেষ্টা চলিছে। কিন্তু সেয়া কিমানখিনি সমাধান কৰিব পৰা যাব, সেই ক্ষেত্ৰত নিশ্চিত কৰি একো ক’ব পৰা নাযায়। কিন্তু একটা কথা নিশ্চিতভাবে ক’ব পাৰি, পৃথিৱীৰ কোনো শক্তিশালী দেশে আমাৰ এক ইঞ্চি মাটিও কাঢ়ি নিব নোৱাৰে। কিন্তু আলাপ-আলোচনাৰ মাধ্যমেৰে সমস্যাৰ সমাধান হৈ গ’লে, তাতকৈ ভাল একো নহয়।’’

বিগত মাহত চীনা বাহিনীৰ সৈতে সংঘর্ষত গালৱানত নিহত ভাৰতীয় জোৱানসকলৰ প্রতি শ্রদ্ধা জ্ঞাপন কৰি ৰাজনাথ সিঙে কয়, ‘‘সম্প্রতি পিপি ১৪-ত ভাৰতীয় জোৱান আৰু চীনা বাহিনীৰ মাজত যি ঘটিছে, তাত সীমান্ত ৰক্ষা কৰিবলৈ গৈ প্রাণ হেৰুৱাইছে আমাৰ বহু কেইজন জোৱানে। আজি ইয়াত আহি ভাল লাগিলেও, তেওঁলোকৰ মৃত্যুত শোকাহত মই। তেওঁলোকক শ্রদ্ধা জনালোঁ।’’
আনহাতে, সেনা বিষয়াসকলৰ সৈতেও সীমান্ত পৰিস্থিতি পর্যালোচনা কৰি চায় তেওঁ। সীমান্তৱর্তী পেংগং হ্রদ সংলগ্ন সেনাবাহিনীৰ ঠিকনা আৰু লুকুং পোষ্টলৈও যোৱাৰ কথা তেওঁৰ।













