
ডিফু : সোমবাৰে সন্ধিয়াৰ ভাগত ডিফুত এগৰাকী ইএনটি ডাক্তৰৰ ব্যক্তিগত চেম্বাৰত ডিঙিৰ চিকিৎসা কৰিবলৈ আহি এগৰাকী মহিলা চিকিৎসকগৰাকীৰ কামনাৰ বলি হৈ আজি আইনী সাহায্যৰ বাবে দ্বাৰস্থ হ’ল জিলা আইন সেৱা প্ৰাধিকৰণ কৰ্তৃপক্ষৰ ওচৰত ৷ ভুক্তভোগী মহিলাগৰাকীয়ে জিলা আইন সেৱা প্ৰাধিকৰণৰ ৱান ষ্টপ চেণ্টাৰৰ জৰিয়তে জিলা আইন সেৱা প্ৰাধিকৰণৰ কাষ চাপে ৷ মহিলাগৰাকীৰ আবেদনৰ প্ৰতি শীঘ্ৰে সঁহাৰি জনাই জিলা আইন সেৱা প্ৰাধকৰণে মহিলাগৰাকী আইনি সহায়ৰ বাবে পেনেলভূক্ত অধিবক্তা উত্তম পালক নিয়োগ কৰে ৷
উল্লেখ যোগ্য যে এই সন্দৰ্ভত ডিফু থানা গোছৰ নম্বৰ ১৩০/২০২০ মৰ্মে পদকীয়া চিকিৎসক ডাঃ এছ কে দাসক ডিফু ন্যায়িক আদালতৰ জৰিয়তে জেল হাজোতলৈ প্ৰেৰণ কৰিছে ৷













