
নিউজ ডেক্স :
ৰাজস্থান কংগ্ৰেছৰ প্ৰাক্তন সভাপতি তথা ৰাজ্যখনৰ প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে অহা মঙলবাৰলৈকে কোনো ব্যৱস্থা ল’ব নোৱাৰিব ৷ এই কথা শুকুৰবাৰে জনালে ৰাজস্থান উচ্চ ন্যায়ালয়ে ৷ উল্লেখ্য যে ‘দলবিৰোধী কাম’ৰ অভিযোগত পাইলট আৰু তেওঁৰ সংগীৰ বিধায়ক পদ খাৰিজ কৰাক লৈ কংগ্ৰেছ আৰু পাইলট শিবিৰৰ মাজত আইনি যুদ্ধ তুংগত উঠিছে৷ শচীন পাইলট আৰু তেওঁৰ অনুগামীসকলক বিধানসভা সদস্য পদ খাৰিজৰ জাননী দিছিল অধ্যক্ষই৷ সেই জাননীৰ বিৰুদ্ধে আদালতত আবেদন দাখিল কৰে শচীন পাইলটে৷ আবেদনখন লৰালৰিকৈ লিখাত বহু ভুল আছিল ৷
হৰিশ ছালভেৰ আৰ্জিৰ ভিত্তিত বৃহস্পতিবাৰৰ ৰায়ত পাইলট শিবিৰক নতুন আবেদন জমা দিবলৈ সময় দিয়ে উচ্চ ন্যায়ালয়ে৷ উল্লেখ্য যে ন্যায়ালয়ত শুকুৰবাৰে শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ অধিবক্তা হৰিশ ছালভেয়ে কয় যে এজন বিধায়ক যিজনে তেওঁৰ মুখ্যমন্ত্ৰীৰ দুৰ্নীতিৰ বিৰুদ্ধে মুখ খুলিছে আৰু হাইকমাণ্ডক বিষয়টো জনাবলৈ চেষ্টা কৰিছে, সেইটো তেওঁৰ বাক স্বাধীনতা৷ বিদ্ৰোহ নহয় ৷
যদি চৰকাৰ পতন নিয়াবলৈ চেষ্টা কৰিছে তেনেহ’লে সেইটো দোষ হ’ব, কিন্তু দলৰ মাজত এজন দুৰ্নীতিগ্ৰস্থ মুখ্যমন্ত্ৰীক বিৰোধিতা কৰাৰ স্বাধীনতা অৱশ্যে আছে ৷ বিধানসভাৰ সদস্য পদ খাৰিজ কৰা জাননী সম্পূৰ্ণ বেআইনী৷ নিজৰ বক্তব্য দিবৰ বাবে তেওঁক তিনিদিন সময় দিছে কংগ্ৰেছ শিবিৰে ৷ সেই অনুমতি দিছে আদালতে ৷
সেয়ে এই তিনিদিন শচীন পাইলট আৰু তেওঁৰ অনুগামীৰ বিৰুদ্ধে কোনো ব্যৱস্থা লোৱা নাযাব ৷ এই কথা আদালতে পৰিষ্কাৰ কৰি দিছে৷ তাৎপর্যপূর্ণ যে পাইলট শিবিৰৰ পক্ষে গোচৰ চলাইছে বিজেপিৰ দুই ঘনিষ্ঠ অধিবক্তা মুকুল ৰোহতগি আৰু হৰিশ ছালভেয়ে ৷ দুয়োজন বিজেপি আমোলাৰ অধিবক্তা আছিল ৷ ইয়াৰ বিপৰীতে কংগ্ৰেছৰ পক্ষত গোচৰটো চলাইছে কংগ্ৰেছ নেতা মনু সিংভিয়ে ৷













