
নিউজ ডেস্কঃ
বিয়া মানেই আনন্দ, আৰু এই শুভ দিনৰ বাবে অপেক্ষা কৰে সকলো ছোৱালীয়ে। কিন্তু কৰ’নাৰ বাবে তিনিবাৰকৈ বিয়াৰ তাৰিখ ফাইনেল হৈ যোৱাৰ পিছতো তিনিবাৰেই তাৰিখ পিছুৱাইছিল ডেনিছ প্রধানমন্ত্রীয়ে। অবশেষত দীর্ঘদিনৰ প্রেমিক বো টেংবার্গৰ সৈতে গোপনে বিয়া সম্পন্ন কৰিলে মেটে ফ্রেডেৰিকছে।

কৰ’নাক লৈ তোলপাৰ সমগ্ৰ বিশ্ব। পৰিস্থিতি নিয়ন্ত্রণলৈ আনিবলৈ বিশ্বৰ নেতাসকলৰ অৱস্থা তথৈবচ। কৰ’নাৰ মৰণ আৰ্তনাদ পৰিছে ডেনমার্কতো৷ সূত্রৰ খবৰ অনুসৰি, এই পৰিস্থিতিত তেওঁৰ বিয়া কৰোৱা সম্ভব নহয়। আৰু সেই কাৰণে তেওঁৰ দফতৰৰ কামৰ চাপত বিয়াৰ তাৰিখ পিছুৱাই দিয়ে ডেনিছ প্রধানমন্ত্রীয়ে। এবাৰ নহয়, দুবাৰ নহয়- তিনিবাৰকৈ বিয়াৰ তাৰিখ পিছুৱাই দিবলৈ বাধ্য হয় তেওঁ। এইবাৰ আৰু পিছুৱাই দিয়া সম্ভৱ নহয়। সেয়ে সম্পন্ন কৰিলে বিয়া। গোপনে বিয়া সামৰিলেও তাকৰিয়া সংখ্যক লোককহে নিমন্ত্রিতৰ তালিকাত ৰাখিছিল ডেনিছ প্রধানমন্ত্রীয়ে। সেই তালিকাত আছিল দেশৰ প্রাক্তন প্রধানমন্ত্রী পুল নিৰাপ ৰাছমুছেন।

কইনাৰ বয়স ৫৫। তেওঁ চলচ্চিত্র নির্মাতা তথা আলোকচিত্রকৰ। দক্ষিণ-পূব ডেনমার্কৰ ম’ন দ্বীপৰ মধ্যযুগীয় মেগলবাই চার্চত তেওঁ বিয়া কৰায় ৪২ বছৰ বয়সীয়া মেটে ফ্রেডেৰিকছনক। ফ্রেডেৰ্কছনে তেওঁৰ ফেচবুক পেইজত শেয়াৰ কৰিছে বিয়াৰ ফটো ৷ এটা ডেনিছ টেবলয়েডে জনাইছে যে কেইজনমান অতিথিহে বিয়াত আমন্ত্রিত হৈছিল, তাত আছিল দেশৰ প্রাক্তন প্রধানমন্ত্রী পোল নিৰাপ ৰাছমুছেন।
যোৱা বছৰ ২৭ জুনত ডেনমার্কৰ কনিষ্ঠতম প্রধানমন্ত্রী হিচাবে শপত লয় ফ্রেডেৰিকছনে। তেওঁ দ্বিতীয় নাৰী, যি ডেনমাৰ্কৰ প্রধানমন্ত্রী হৈছিল। ৫ জুনত নির্বাচন থকাত ফ্রেডেৰিকছনে তেওঁৰ টেংবার্গৰ বিয়া পিছুৱাই দিয়ে। যোৱা মাহত জনায়, ইউৰোপিয়ান ইউনিয়ন ছামিটৰ বাবে বিয়াৰ তাৰিখ তৃতীয়বাৰৰ বাবে পিছুৱাই দিছে তেওঁ।













