
নিউজ ডেস্ক :
অযোধ্যাত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে ‘ভূমি পূজন’ কৰিবলৈ ৰাম জনমভূমি তীৰ্থ ক্ষেত্ৰ ন্যাসে আজি প্ৰধানমন্ত্ৰী নৰেন্দ্র মোদীৰ পৰা দুটা তাৰিখ বিচৰাৰ সিদ্ধান্ত গ্ৰহণ কৰে।
ন্যাসৰ সদস্যসকলে প্ৰকাশ কৰা মতে, প্ৰধানমন্ত্ৰীয়ে দুটা তাৰিখৰ পৰা যিকোনো এটা সুবিধা অনুযায়ী নিৰ্ধাৰণ কৰি দিব পাৰে।
“আমাৰ লক্ষ্য হ’ল যিমান পাৰি সোনকালে ভগৱানৰ এটা মন্দিৰ নিৰ্মাণ কৰা, আৰু লগতে এনেকুৱা সুন্দৰ যাতে পূৰ্বতে ক’তো নাই। প্ৰধানমন্ত্ৰী মোদী নিশ্চিতভাৱে আহিব লাগিব।” ন্যাসৰ এগৰাকী জ্যেষ্ঠ সদস্য স্বামী প্ৰেমানন্দ মহাৰাজে আজি সাংবাদিকৰ আগত এনেদৰে কয়।













