![]()
নিউজ ডেস্ক:
প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে ৫ আগষ্টত অযোধ্যাত শ্রীৰাম জন্মভূমিত ভূমি পূজন অনুষ্ঠানত অংশ ল’ব। সূত্ৰ মতে, প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে পুৱা ১১ বজাত অযোধ্যাত উপস্থিত হ’ব। এই ভূমি পূজন ৩ৰ পৰা ৪ ঘণ্টা পর্যন্ত চলিব পাৰে। এই ভূমি পূজনৰ বাবে কাশীৰ পৰা বিশিষ্ট পুৰোহিতসকলক আমন্ত্ৰণ জনাই অনা হ’ব। সূত্ৰ অনুযায়ী, পুৱা ১১ বজাৰ পৰা দুপৰীয়া ১.১০ মিনিট পর্যন্ত প্রধানমন্ত্রী নৰেন্দ্র মোদী অযোধ্যাত থাকিব। ৫ আগষ্টৰ পুৱা ৮ বজাত ভূমি পূজনৰ অনুষ্ঠান আৰম্ভ হ’ব। ৰাম মন্দিৰ ট্রাষ্টৰ তৰফৰ পৰা প্রধানমন্ত্রীলৈ আমন্ত্রণ জনোৱা হৈছে।

উল্লেখযোগ্য যে ৰাম মন্দিৰ নির্মাণৰ বাবে সমগ্র দেশে কেইবা দশক ধৰি অপেক্ষা কৰিছিল। আৰু এইবাৰ সেই শুভক্ষণ আহিছে। এতিয়া ৰাম মন্দিৰৰ স্বপ্নক সাকাৰ কৰিবলৈ প্রধানমন্ত্রী নৰেন্দ্র মোদীৰ হাতেৰেই ভূমি পূজন কৰোৱা হ’ব।
ইফালে শনিবাৰে ৰাম মন্দিৰ ট্রাষ্টৰ বৈঠকত নির্ধাৰিত হয় যে, ৰাম মন্দিৰৰ উচ্চতা আৰু বৃদ্ধি কৰা হ’ব। প্রথমে মন্দিৰৰ উচ্চতা ১২৮ ফুট আছিল, এতিয়া সেয়া বৃদ্ধি কৰি ১৬১ ফুট কৰা হ’ব। ইয়াৰ উপৰি মন্দিৰৰ গর্ভগৃহৰ আশেপাশে তিনিটা স্থানত পাঁচটা গম্বুজ নিৰ্মাণ কৰা হ’ব।

ট্রাষ্টৰ বৈঠকত সিদ্ধান্ত লোৱা হয় যে, ৰাম মন্দিৰ নির্মাণকার্য ৩ বছৰৰ ভিতৰত সম্পূর্ণ কৰা হ’ব। ২০২৩ পর্যন্ত অযোধ্যাৰ ৰাম মন্দিৰ ভক্তসকলৰ বাবে খুলি দিয়া হ’ব। অৱশ্যে এই পর্যন্ত ৰাম মন্দিৰ নিৰ্মাণৰ বাবে সম্পূর্ণ শিল যোগাৰ হোৱা নাই। আৰু এই শিল যোগাৰ কৰিবলৈ এখন কমিটি গঠন কৰা হৈছে।

ট্রাষ্টৰ সদস্য কামেশ্বৰ চৌপালে কালি জনাইছিল যে, ৰাম মন্দৰৰ ডিজাইনতো সলনি আনা হ’ব। ট্রাষ্টৰ বৈঠকত নির্ণয় লোৱা হয় যে, প্রথমে মন্দিৰৰ বাবে তিনিটা পিলাৰ বনোৱা হৈছিল, কিন্তু এইবাৰ পাঁচটা পিলাৰ হ’ব। মন্দিৰৰ মডেল বিশ্ব হিন্দু পৰিষদৰ নির্ধাৰিত মডেলেই থাকিব। কিন্তু উচ্চতা আৰু দৈৰ্ঘ্য বৃদ্ধি কৰা হ’ব।
উচ্চতম ন্যায়ালয়ৰ দ্বাৰা আদেশপ্ৰাপ্ত শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ সদস্যসকলে শনিবাৰে অযোধ্যাত সভাৰ আহ্বান কৰে আৰু দুটা তাৰিখ ক্ৰমে ৩ আগষ্ট আৰু ৫ আগষ্টত একমত হয়৷ এই সভাত শ্ৰীৰামজন্মভূমি তীৰ্থ ক্ষেত্ৰ ট্ৰাষ্টৰ গুৰুত্বপূৰ্ণ সদস্যৰ লগতে ট্ৰাষ্টৰ সাধাৰণ সম্পাদক চম্পত ৰায়, ট্ৰাষ্টৰ সভাপতি নৃত্য গোপাল দাস, গোবিন্দ দেৱ গিৰি আদি উপস্থিত আছিল৷













