
কেইবছৰমানৰ আগতে ভাৰতত যানবাহনৰ নম্বৰ প্লেটৰ ৰং সলনি কৰিছিল৷ এইবাৰ আকৌ কেন্দ্ৰীয় চৰকাৰে যানবাহনৰ নম্বৰ প্লেটৰ ৰং সলনি কৰিবলৈ সিদ্ধান্ত লৈছে৷ ইতিমধ্যে ইয়াকে লৈ ছাৰ্ভিচ অব ৰ’ড ট্ৰেন্সপৰ্ট এণ্ড হাইৱে (এমঅ’আৰটিএইচ)ৰ তৰফৰ পৰা যোৱা ১৬ জুলাইত জাননী জাৰি কৰিছে৷ উল্লেখ্য যে মুঠত আঠটা ৰঙৰ হ’ব বিভিন্ন যানবাহনৰ নম্বৰ প্লেট৷ নতুন নিয়ম অনুসৰি
* ব্যক্তিগত যানবাহনৰ নম্বৰ প্লেট বগা আৰু আখৰ তথা সংখ্যা ক’লা৷
* বাণিজ্যিক যানবাহন, যেনে- টেক্সি, বাছ আৰু ট্ৰাকৰ নম্বৰ প্লেট হালধীয়া আৰু আখৰ তথা সংখ্যা ক’লা৷
* ভাৰাতীয়া যানবাহনৰ নম্বৰ প্লেট ক’লা আৰু আখৰ তথা সংখ্যা হালধীয়া৷
* দূতাবাস বা কনছুলেটৰ যানবাহনৰ নম্বৰ প্লেট পাতল নীলা আৰু আখৰ তথা সংখ্যা বগা৷
* বেটেৰীত চলা যানবাহন, ইলেক্ট্ৰিক যানবাহনৰ নম্বৰ প্লেট সেউজীয়া আৰু আলফা নম্বৰ হালধীয়া৷
* পঞ্জীয়ন অস্থায়ী যানবাহনৰ নম্বৰ প্লেট হালধীয়া আৰু আলফা নম্বৰ ৰঙা৷
* ডিলাৰৰ যানবাহনৰ নম্বৰ প্লেট ৰঙা আৰু আলফা নম্বৰ বগা৷
* ৰঙা নম্বৰ প্লেটত সোণৰ মাজত ভাৰতৰ ৰাষ্ট্ৰীয় প্ৰতীক থাকিব৷ এই নম্বৰ প্লেট ভাৰতৰ ৰাষ্ট্ৰপতি বা ফেডাৰেল ৰাজ্য বা কেন্দ্ৰীয় শাসিত অঞ্চলৰ ৰাজ্যপালে ব্যৱহাৰ কৰিব পাৰিব৷













