
ডিফু : আজি ডঃ মনালিচা ৰংপিপী অসম সাহিত্য সভাৰ আঞ্চলিক কাৰ্যালয় ডিফুৰ ৰাংছিনা ভৱনত সংলগ্ন সভাৰ ‘জনজাতি কল্যাণ গৱেষণা প্ৰতিষ্ঠানৰ তত্বাৱধায়ক হিচাপে দায়িত্বভাৰ গ্ৰহণ কৰে ।
দায়িত্ব গ্ৰহণ কৰাৰ প্ৰাকমূহুৰ্তত ৰংপিপীক অসম সাহিত্য সভাৰ হৈ জয়ছিং টকবী আৰু ডাঃ ব্ৰহ্মানন্দ বৰা, ডিফু সাহিত্য সভাৰ হৈ অজিত ছিংনাৰে উষ্ণ আদৰণী জনায় । কাৰ্যসূচীত ৰাংছিনা ভৱনৰ প্ৰাক্তন আঞ্চলিক সম্পাদকদ্বয় – দেবেন কাকতি আৰু পাৰি ৰংপি, ডিফু সাহিত্য সভাৰ সদস্যদ্বয় – কাংবুৰা ছিংনাৰ আৰু ভগীৰথ ডেকাৰ লগতে ৰাংছিনা ভৱনৰ কৰ্মচাৰীসকল উপস্থিত থাকে













