![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
ডিফু কাৰাগাৰত বৃদ্ধি পাইছে ক’ৰোনাত আক্ৰান্তৰ সংখ্যা ৷ অলপতে কাৰাগাৰখনত দূৰ্ধৰ্ষ গঁড় চিকাৰী মুন গুইটে ওৰফে অভাৰ চাইজ ক’ৰোনাত আক্ৰান্ত হোৱাৰ পিছত আনজন সতীৰ্থ জনথাঙো ক’ৰোনাক্ৰান্তৰ বাতৰি পোহৰলৈ আহিছে ৷
ডিফু চিকিৎসা মহাবিদ্যালয়ৰ চিকিৎসক ডা° এছ বৰ্মনো ক’ৰোনাত আক্ৰান্ত ৷ তেওঁক লৈ বৰ্তমানলৈকে ডিফু চিকিৎসা মহাবিদ্যালয়ৰ ৩ গৰাকী চিকিৎসককে ধৰি কাৰবি আংলঙৰ ৪ গৰাকী চিকিৎসক ক’ৰোনাত আক্ৰান্ত হৈছে ৷
দেৱাশিস দাস , কুলচমা বেগম , ৰামিচেত্ৰী গংগাধৰ আৰু ৰমেশ চাংমা সহ আজিৰ দিনটোত ৬ জন লোক ক’ৰোনাত আক্ৰান্ত হৈছে ৷ ডিফু জেলৰ কয়দী ,চিকিৎসা মহাবিদ্যালয় চিকিৎসক , কৃষি বিভাগৰ কৰ্মচাৰী ক’ৰোনাত আক্ৰান্ত হোৱাৰ খবৰে ডিফুতো গণ সংক্ৰমণৰ ইংগিত দিছে ৷













