
নিউজ ডেস্কঃ
ক’ৰোনা সংক্রমণ বৃদ্ধিৰ মাজতে সীমিত ৰূপত হজৰ আয়োজন কৰিছে ছৌদি আৰবে৷ ছৌদি প্ৰশাসনৰ তৰফৰ পৰা এক বিবৃতিত ঘোষণা কৰিছে যে এইবাৰ বিভিন্ন দেশৰ পৰা অংশ ল’বৰ বাবে মাত্ৰ এহেজাৰজনকহে অনুমতি দিয়া হৈছে ৷
ইয়াৰ লগতে এই কথাও জনায় যে বৰ্তমানে যিসকল ছৌদি আৰবত আছে তেওঁলোকৰ মাজৰ পৰাই এহেজাৰজনক অনুমতি দিয়া হ’ব৷ ৩১ জুলাইৰ পৰা আৰম্ভ হ’বলগা হজ যাত্ৰা প্ৰসংগত ছৌদি হজ সংক্ৰান্তীয় মন্ত্ৰী মহম্মদ বেনটেনে জনায় যে তীৰ্থযাত্ৰীৰ সংখ্যা এহেজাৰজনতকৈ এজন বা দুজন কম বেছি হ’ব পাৰে৷













