
ভাৰতীয় ৰে’ল বিভাগক লাহে লাহে বেচৰকাৰীকৰণ কৰাৰ দিশত আগবাঢ়িছে কেন্দ্ৰ৷ ১৫১ খন যাত্ৰীবাহী ৰে’ল বেচৰকাৰী কৰাৰ পাছত এইবাৰ ষ্টেচনবোৰৰ প্ৰতি পৰিকল্পনা কৰিছে কেন্দ্ৰই৷ এইবাৰ ষ্টেচনবোৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতত তুলি দিয়াৰ কথা চিন্তা কৰিছে কেন্দ্ৰই৷ সোমবাৰে ৰে’ল মন্ত্ৰী পীয়ূষ গোৱেলে এই কথা জানিবলৈ দিয়ে ৷
উল্লেখ্য যে বণিকসভা মাৰ্চেণ্ট চেম্বাৰ অব কমাৰ্চ এণ্ড ইন্ড্ৰাষ্টিজৰ উদ্যোগত আয়োজিত সভাত ভাষণ দি ৰে’ল মন্ত্ৰীজনে জনায় যে ৰে’ল বেচৰকাৰীকৰণত ভাল সমৰ্থন পাইছে৷ তেওঁ এইবাৰ ৰে’ল ষ্টেচনবোৰ বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতত দিয়াৰ চিন্তা কৰিছে৷ ইয়াৰ সপক্ষে ব্যাখ্যা দি ভাৰ্চুৱেল সভাত ৰে’ল মন্ত্ৰীজনে কয় যে ৰে’ল ষ্টেচনৰ আধুনিকৰণৰ পৰিকল্পনা কৰা হৈছে৷ আধুনিকৰণ কৰাৰ পাছত বেচৰকাৰী প্ৰতিষ্ঠানৰ হাতত পৰ্যায়ক্ৰমে তুলি দিবলৈ নিলাম কৰা দিয়া হ’ব৷ ৰে’ল মন্ত্ৰীজনে কয় যে ক’ৰোনা ভাইৰাছৰ বাবে এই কাম কিছু ব্যাহত হৈছে৷













