![]()
নিউজ ডেক্স:
নিজৰ দুগৰাকী কন্যাক বাইকত লৈ নিশা ১০.৩০ বজাত ঘৰলৈ গৈ আছিল উত্তৰ প্ৰদেশৰ এখন হিন্দী কাকতৰ সাংবাদিক বিক্ৰম যোশী৷ সাংবাদিকজনক পথতে ৰখাই প্ৰহাৰ কৰে৷ তাৰ পাছতে তেওঁলৈ লক্ষ্য কৰি গুলী কৰে৷

ইয়াৰ পাছতে সংকটজনক অৱস্থাত সাংবাদিকজনক চিকিৎসালয়ত ভৰ্ত্তি কৰোৱা হয়৷ দিল্লীৰ উপকণ্ঠ গাজিয়াবাদৰ বিজয়নগৰ অঞ্চলত এই ঘটনা সংঘটিত হয়৷ এই ঘটনাৰ পাছত উত্তৰ প্ৰদেশৰ আইন শৃংখলালৈ বিভিন্ন মহলত প্ৰশ্ন উত্থাপন হৈছে৷ বহুৱে ক্ষোভ প্ৰকাশ কৰি যোগী আদিত্যনাথৰ আমোলাত আৰক্ষী, সাধাৰণ মানুহ সুৰক্ষিত নহয় বুলি প্ৰকাশ কৰে৷
কংগ্ৰেছ নেত্ৰী প্ৰিয়ংকা গান্ধী বাদ্ৰাই এই ঘটনাত সৰৱ হৈ প্ৰশ্ন কৰে সাধাৰণ মানুহ কিদৰে এই ‘জংঘলৰাজ’ত নিৰাপদ থাকিব? আনহাতে ঘটনাৰ পাছতে নিশাই আৰক্ষীয়ে অভিযান চলাই ৯ জন লোকক গ্ৰেপ্তাৰ কৰে৷ উল্লেখ্য যে যোৱা ১৬ জুলাইত সাংবাদিকজনে তিনিজন যুৱকৰ বিৰুদ্ধে বিজয়নগৰ থানাত অভিযোগ দিছিল৷ তাৰে দুজনক গ্ৰেপ্তাৰ কৰে যদিও আন এজন পলাতক৷













