
নিউজ ডেস্ক :
ৰাজস্থান বিধানসভাৰ চলিত সংকটৰ বিষয়টো এইবাৰ ছুপ্ৰিম কোৰ্টলৈ নিবলৈ আগবাঢ়িছে অধ্যক্ষ চিপি যোশী। ৰাজ্যখনত সাংবিধানিক সঙ্কটৰ সৃষ্টি হ’বলৈ আগবাঢ়িছে বুলি শীর্ষ আদালতত আবেদন জনাবলৈ প্ৰস্তুতি চলাইছে ৰাজস্থান বিধানসভাৰ অধ্যক্ষ চিপি যোশীয়ে। উল্লেখ্য যে শেহতীয়াভাৱে ৰাজস্থান বিধানসভাত অচলাৱস্থাৰ সৃষ্টি কৰা বিদ্রোহী বিধায়ক তথা প্ৰাক্তন উপ-মুখ্যমন্ত্ৰী শচীন পাইলট আৰু তেওঁৰ অনুগামীসকলৰ বিধায়ক পদ কিয় খাৰিজ কৰা ন’হব, তাক জানিবলৈ জাননী দিছিল অধ্যক্ষই। আনহাতে, তেওঁৰ এই জাননীক হাইকোর্টত প্ৰত্যাহ্বান জনাইছিল শচীন পাইলট আৰু তেওঁৰ সমৰ্থকসকলে। অহা শুক্রবাৰে সেই গোচৰৰ ৰায়দান কৰাৰ কথা হাইকোৰ্টে। আৰু তেতিয়ালৈকে শচীন পাইলটসহ বিদ্রোহী বিধায়কসকলৰ বিৰুদ্ধে কোনো ব্যৱস্থা গ্ৰহণ কৰিব পৰা নাযাব বুলি নির্দেশ দিছে হাইকোৰ্টে। এতিয়া হাইকোর্টৰ এই নির্দেশৰ বিৰুদ্ধেই ছুপ্রিম কোর্টলৈ যোৱাৰ সিদ্ধান্ত লয় অধ্যক্ষ চিপি যোশীয়ে।
বুধবাৰে এই সন্দৰ্ভত এক সাংবাদ মেল আয়োজন কৰি চিপি যোশীয়ে কয়, ‘‘মই কেৱল কাৰণ জানিবলৈ জাননী দিছোঁ। এইটো মোৰ অধিকাৰৰ ভিতৰত নপৰে নেকি? বিধায়কসকলক জাননী জাৰি কৰাৰ পূর্ণ অধিকাৰ আছে অধ্যক্ষৰ। অধ্যক্ষই সিদ্ধান্ত লোৱাগ পিছতহে তাক আদালতলৈ লৈ যোৱা যায়। কিন্তু এই পর্যন্ত যি ঘটিছে, সেয়া সংসদীয় গণতন্ত্রৰ বাবে বিপজ্জনক। হাইকোৰ্টে যি নির্দেশ দিছে, তাত ছুপ্রিম কোর্টৰ সাংবিধানিক পীঠৰ সিদ্ধান্ত উলংঘা হৈছে।’’













