
নিউজ ডেস্কঃ
ৰামৰাজৰ (সুশাসন) প্রতিশ্রুতি দিলেও, আচলতে গুণ্ডাৰাজ চলিছে উত্তৰ প্ৰদেশত। গাজিয়াবাদত সাংবাদিকক হত্যা প্ৰসংগত এনেদৰেই নাম নোলোৱাকৈ যোগী চৰকাৰক আক্রমণ কৰিলে কংগ্রেছ সাংসদ ৰাহুল গান্ধীয়ে।
উল্লেখ্য যে সোমবাৰে দিল্লীৰ উপকণ্ঠত গাজিয়াবাদৰ বিজয়নগৰ এলেকাত বিক্রম যোশী নামৰ সাংবাদিকগৰাকীক গুলী কৰি হত্যা কৰে দুষ্কৃতিকাৰীয়ে। বুধবাৰে পুৱা যশোদা ছুপাৰ স্পেচিয়েলিটি হাস্পতালত মৃত্যু হয় তেওঁৰ। এই প্ৰসংগতে টুইটাৰত যোগী চৰকাৰৰ বিৰুদ্ধে সৰৱ হৈ উঠে ৰাহুল গান্ধী।
তোওঁ টুইটাৰত লিখে, ‘‘ভগ্নীৰ সৈতে ঘটি যোৱা আতিশয্যাৰ প্রতিবাদ কৰোতেই সাংবাদিক বিক্রম যোশীকে হত্যা কৰা হৈছে। মই শোকগ্রস্ত পৰিয়ালবৰ্গক সমবেদনা জনাইছোঁ।’’ যোগী চৰকাৰক উদ্দেশ্য কৰি তেওঁ লিখে, ‘‘ৰামৰাজৰ প্রতিশ্রুতি দি আচলতে গুণ্ডাৰাজ উপহাৰ দিয়া হৈছে।’’
সোমবাৰে নিশা ১০.৩০ বজাত দুই জীয়াৰীৰ সন্মুখতেই বিক্রম যোশীক গুলী কৰে দুষ্কৃতিকাৰীয়ে। সেই ঘটনাত এই পৰ্যন্ত ৯জনক গ্রেপ্তাৰ কৰিছে আৰক্ষীয়ে, যাৰ মাজত আছে দুই মূল অভিযুক্ত ৰবি আৰু ছোটু। তেওঁলোকৰ পৰা এটি বেআইনী অস্ত্র উদ্ধাৰ হৈছে।
নিহতৰ ৰিয়ালৰ বাবে ইতিমধ্যেই ১০ লাখ টকা ক্ষতিপূৰণৰ ঘোষণা কৰিছে উত্তৰ প্রদেশৰ মুখ্যমন্ত্রী যোগী আদিত্য নাথে। নিহত সাংবাদিকৰ পত্নীক চৰকাৰী চাকৰি দিয়া হ’ব বুলিও জনাইছে তেওঁ। অৱশ্যে সমগ্ৰ ঘটনাত ৰাজ্যৰ আইন-শৃঙ্খলাক লৈও প্রশ্নৰ সন্মুখীন হ’বলগা হৈছে যোগী আদিত্য নাথ।













