নিউজ ডেস্ক : মুখ খুলিলেই যেন বিতৰ্ক। সেয়ে তেওঁ যিমান সময় নিজৰ মুখ বন্ধ ৰাখে, সিমানেই মঙ্গল। নিজৰ বাবেই কেৱল নহয়, দলৰ বাবেও। কাৰণ, তেওঁ নিজে সমালোচিত হোৱাৰ উপৰি দলকো একাধিকবাৰ বিড়ম্বনাত পেলাইছে, বেপাৰোৱা মন্তব্য কৰি। এজন মুখ্যমন্ত্রী হিচাবে নিজকে দায়িত্বজ্ঞানহীন প্রমাণ কৰাৰ উপৰি ব্যক্তি হিচাবেও হাস্যকৰ কৰি তুলিছে। তেওঁৰ যেন বিতর্কৰ ভাণ্ডাৰ শেষেই নহ’ব। ত্রিপুৰাৰ মানুহেও ইমান দিনে এইটো জানি গৈছে বিতর্ক আৰু বিপ্লৱ দেৱ যেন এটা মুদ্রাৰে ইপিঠি আৰু সিপিঠি।
দুদিন পূৰ্বেই ঠাট্টাৰ চলেৰে পাঞ্জাবী আৰু জাঠসকলক লৈ মন্তব্য কৰি বিতর্ক সৃষ্টি কৰিছিল। যাৰ বাবে পৰে দুখ প্রকাশ কৰিবলগা হয় ত্রিপুৰাৰ মুখ্যমন্ত্রী বিপ্লৱ দেৱে। সেই বিতর্কৰ ঢৌ মাৰ নৌ যাওঁতেই পুনৰ বিতর্কৰ কেন্দ্রত বিপ্লৱ দেৱ। এইবাৰ দলৰ প্রতি আনুগত্য আৰু ক্ষমতাৰ আস্ফালন দেখাবলৈ গৈ বিতর্ক সৃষ্টি কৰে ত্রিপুৰাৰ মুখ্যমন্ত্রীয়ে।
সোমবাৰে এক অনুষ্ঠানত গৈ ত্রিপুৰাৰ মুখ্যমন্ত্রীয়ে দাবী কৰে, তেওঁ যি ৰাজনৈতিক দলত আছে, সেই দলেই আমৃত্যু ৰাজ্যত ক্ষমতাত থাকিব। ইয়াতেই শেষ নহয়। ইয়াৰ পিছত নিজৰ ফেচবুক প্রফাইলৰ পৰাও একেই বক্তব্যৰ পুনৰাবৃত্তি কৰে বিপ্লৱ দেৱে। ফেচবুকত তেওঁ পোষ্ট কৰে : মই যিমান দিন জীয়াই থাকিম, সিমান দিন যি দলত আছোঁ, ইয়াত সেই দলৰেই চৰকাৰ থাকিব। মইও থাকিম, ত্রিপুৰাৰ বাবে কাম কৰি যাম।’ তাৰ লগতে তেওঁ যোগ দিয়ে, ‘আৰু যদি মৃত্যু হয়, তেতিয়া স্মৃতি উদ্যানৰ গছ হৈ ত্রিপুৰাৰ মানুহক অক্সিজেন দি যাম। কাৰণ ৩৭ লক্ষ ত্রিপুৰাবাসীয়ে এই অলপ সময়তে মোক যি দিছে, সেয়া মই ঘূৰাই দিব লাগিব।’
মুখ্যমন্ত্ৰীৰ এই বক্তব্যৰ পিছত কংগ্রেছ নেতৃত্বৰ বক্তব্য, ‘এই ধৰণৰ মন্তব্য ৰাজতন্ত্রৰ প্রতিফলন। বিপ্লৱ দেৱৰ কোনো প্রতিশ্রুতিয়েই নাখাটে। তেওঁ বৰং শৰীৰ দান কৰক। মেডিকেল কলেজত অধ্যয়নৰত শিক্ষাৰ্থীসকলৰ কামত আহিব।’