
নিউজ ডেস্ক : তালিবানৰ বিৰুদ্ধে যুদ্ধত পিতৃ আফগানিস্তান চৰকাৰৰ পক্ষত। সেয়ে তালিবানি সন্ত্ৰসবাদীয়ে আহি ঘৰৰ পৰা বাহিৰ কৰি নি গুলি কৰি মাৰে পিতৃক। বচাবলৈ গৈ সন্ত্ৰসবাদীৰ গুলিত মৃত্যু হয় মাতৃৰো। তাকে দেখি ১৫ বছৰীয়া কিশোৰীয়ে ঘৰত নিৰাপত্তাৰ কাৰণে থকা একে-৪৭ বন্দুক আনি গুলি কৰি থাকে সন্ত্ৰসবাদীক লক্ষ্য কৰি। ফলত মৃত্যু হয় দুই সন্ত্ৰসবাদীৰ। তেওঁৰ গুলিৰ সন্মুখত মোকাবিলা কৰিব নোৱাৰি পিছুৱাই যায় বাকী সন্ত্ৰসবাদী কেইটা।
এয়া কোনো চিনেমা বা ৱেব ছিৰিজৰ দৃশ্য নহয়। বিগত সপ্তাহত এনে এক ঘটনাই ঘটিছে আফগানিস্তানৰ ঘোড় প্রদেশৰ এখন গাঁৱত। ইয়াৰ পিছতেই আফগান কিশোৰী কামাৰ গুলৰ সাহসিকতা প্রশংসিত হৈছে বিভিন্ন মহলত।
জানিব পৰা মতে, কামাৰৰ পিতৃ আফগান চৰকাৰৰ সমর্থক। সেয়ে তালিবানিৰ ৰোষত পৰে তেওঁ। স্থানীয় আৰক্ষী প্রধান হবিবুৰ ৰহমান মালেকজাদাই এক আন্তর্জাতিক সংবাদ সংস্থাক জনেইছে, সিদিনা কামাৰৰ পিতৃ আৰু গাঁৱৰ মুখিয়ালজনক বিচাৰি আহিছিল তালিবান সন্ত্ৰসবাদী। কামাৰৰ পিতৃক ঘৰৰ পৰা টানি বাহিৰ কৰি আনে। তেওঁৰ পত্নীয়ে স্ত্রী বাধা দিবলৈ গৈছিল। তেতিয়া তেওঁলোক দুয়োজনকেই তালিবান উগ্ৰপন্থীয়ে ঘৰৰ সন্মুখতে গুলি কৰি মাৰে বুলি জনায় আৰক্ষী বিষয়াগৰাকীয়ে।

মালেকজাদাই কয়, ‘‘কামাৰ গুল তেতিয়া ঘৰতে আছিল। গুলিৰ শব্দ পাই ঘৰত থকা একে-৪৭ বন্দুক লৈ বাহিৰ ওলাই আহে। তেওঁৰ পিতৃ-মাতৃৰ হত্যাকাৰী দুই সন্ত্ৰসবাদীক গুলি কৰি মাৰে।’’ কামাৰে চলোৱা গুলিত আৰু কেইবাজনো তালিবানি আহত হয় বুলি জনায় তেওঁ।
এই ঘটনাৰ পিছত প্রতিশোধ ল’বলৈ কামাৰৰ ঘৰলৈ আহিছিল এদল তালিবান। কিন্তু কিছু গাঁওবাসী আৰু চৰকাৰপন্থী সশস্ত্র জনজাতি গোষ্ঠীৰ লোকে প্রতিৰোধ কৰে সিহঁতক। কামাৰ গুল আৰু তেওঁৰ ভাতৃক সম্প্ৰতি আফগান বাহিনীৰ নিৰাপত্তাত ৰখা হৈছে বুলিও জনায় ঘোড় প্রদেশৰ গভর্নৰৰ মুখপাত্র মহামেদ আৰেফ আবেৰে।
এই ঘটনাৰ খবৰ ছচিয়েল মিডিয়াত বিয়পি পৰাৰ লগে লগে গুলৰ সাহসিকতাৰ প্রশংসাত উবুৰি খাই পৰে নেটিজেনসকল। হাতত একে-৪৭ লৈ থকা গুলৰ এখন ছবি ভাইৰেলও হৈছে ছচিয়েল মিডিয়াৰ বিভিন্ন প্ল্যাটফর্মত।













