
ডিফু : আজি পুৱা ডিফুৰ এগৰাকী প্ৰতিষ্ঠিত বেকাৰী ব্যৱসায়ী দেহাৱসান ঘটে ৷ প্ৰাপ্ত খবৰ অনুসৰি আজি পুৱা ৮-৪৫ মান বজাত দেৱানবস্তিস্থিত নিজ বাসভৱনত ডিফু চহৰৰ শনি মন্দিৰৰ সন্মুখৰ বেকাৰী ব্যৱসায়ী হৰিপদ দেৱনাথ ওৰফে বাচ্চু দেৱনাথ (৭৩) দেহাৱসান ঘটে ৷ হৰিপদ দেৱনাথৰ মৃত্যুত অঞ্চলটোত শোকৰ ছাঁ পৰিছে ৷ পৰিয়ালৰ সূত্ৰে জানি পৰা অনুসৰি স্বৰ্গীয় দেৱনাথ দীৰ্ঘ দিনৰ পৰা হৃদৰোগ আৰু মধুমেহ ৰোগত ভুগি শয্যাশায়ী হৈ আছিল ৷ স্বৰ্গীয় দেৱনাথ বিভিন্ন সামাজিক কৰ্মত জৰিত হৈ থকাৰ লগতে ডিফু শনি মন্দিৰৰ প্ৰাক্তন সভাপতি আছিল বুলি জানিব পৰা গৈছে ৷ তেওঁ ইহসংসাৰত পত্নীৰ লগতে এজন পুত্ৰ আৰু চাৰিগৰাকী জীয়ৰী আৰু নাতি এৰি থৈ গৈছে ৷












