![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
কাৰ্বি আংলং জিলাৰ বোকাজান নগৰৰ ১ নং ৱাৰ্ডৰ বাসিন্দা বিশিষ্ট জেষ্ঠ্য নাগৰিক, সমাজসেৱী, শিক্ষা-সংস্কৃতিপ্ৰেমী বাবুৰাম বে’ৰ মঙ্গলবাৰে নিশা ডিমাপুৰৰ এখন ব্যক্তিগত চিকিৎসালয়ত পৰলোকপ্ৰাপ্তি ঘটে। জানিব পৰা মতে বাবুৰাম বে’ কিছুদিনৰ পৰা মধুমেহ আৰু উচ্চ ৰক্তচাপ জনিত ৰোগত ভুগি থকাৰ বাবে ডিফুত চিকিৎসা গ্ৰহণ কৰিবলৈ যায়।
চিকিৎসা গ্ৰহণৰ প্ৰক্ৰিয়া সম্পূৰ্ণ হোৱাত ডিফু চহৰত ক’ৰোনাৰ নডেল বিষয়াৰূপে কৰ্মৰত জেষ্ঠ পুত্ৰই বে’ক নিজ গৃহত থৈ যোৱাৰ কিছুদিনৰ পিছৰ পৰা তেখেতৰ স্বাস্থ্যৰ অধিক অৱনতি ঘটিবলৈ লয় আৰু ১৪ জুলাই তাৰিখে দিনৰভাগত উচ্চ ৰক্তচাপ জনিত ৰোগৰ আঘাত হোৱাত পৰিয়ালৰ লোকে ততাতৈয়াকৈ তেখেতক ডিমাপুৰৰ ব্যক্তিগত চিকিৎসালয় নিক’ছত ভৰ্তি কৰাই।
চিকিৎসকে তেখেতক ক’ভিড-১৯ ৰ ৰেপিড টেষ্ট কৰি চিকিৎসা প্ৰদান কৰে। পৰৱৰ্তী সময়ত বাবুৰাম বে’ৰ ৰেপিড টেষ্টেৰ ফলাফল পজিটিভ আহে আৰু তেখেতৰ স্বাৱ সংগ্ৰহ কৰি টেষ্টেৰ বাবে প্ৰেৰণ কৰা হয়। কিন্তু ইয়াৰ মাজতেই মঙ্গলবাৰে নিশা প্ৰায় ১১:৩০ বজাত তেখেতৰ মৃত্যু হোৱা বুলি চিকিৎসকে পৰিয়ালৰ লোকক জানিবলৈ দিয়ে।
আনহাতে বাবুৰাম বে’ ক’ভিডত আক্ৰান্ত হোৱাৰ সন্দেহ কৰি বোকাজান মহকুমা প্ৰশাসনে ১৫ জুলাই তাৰিখে তেখেতৰ পৰিয়ালৰ সকলো সদস্যৰে স্বাৱ সংগ্ৰহ কৰে আৰু কালি তেওঁলোকৰ ক’ভিড-১৯ ফলাফল পজিটিভ আহে। ক’ভিড আক্ৰান্ত ৬ গৰাকী সদস্য হৈছে ক্ৰমে তেখেতৰ পত্নী, দুগৰাকী ছোৱালী, নাতি, ঘৰতে থকা অন্য দুগৰাকী ছোৱালী।
যদিও বাবুৰাম বে’ৰ স্বাৱৰ ফলাফল বৰ্তমানলৈ অহা নাই তথাপিও বোকাজান মহকুমা প্ৰশাসনে ক’ৰোনাৰ নীতি-নিয়মৰ মাজেৰে তেখেতৰ শেষকৃত্য সম্পন্ন কৰাৰ লগতে পৰিয়ালৰ ক’ৰোনাতংক ৬ গৰাকী সদস্যক চিকিৎসা প্ৰদানৰ বাবে ডিফু মেডিকেল কলেজ আৰু চিকিৎসালয়লৈ প্ৰেৰণ কৰে। ১৯৫৭ চনৰ ২ ফ্ৰেব্ৰুৱাৰীত জন্মগ্ৰহণ কৰা ৬৩ বছৰ বয়সীয়া সমাজকৰ্মী বাবুৰাম বে’ই মৃত্যুৰ সময়ত পত্নী, দুজন পুত্ৰ, দুগৰাকী বোৱাৰী, তিনিগৰাকী ছোৱালী, নাতি, কেইবাজনো ভায়েককে ধৰি পৰিয়ালৰ বহু সদস্যক ইহসংসাৰত এৰি যায়।













