![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
অসমৰ ভয়াৱহ বানপানীক লৈ কেন্দ্ৰৰ গুৰুত্বহীনতা আৰু অসমৰ সোণোৱাল চৰকাৰৰ হয় সুযোৰ মনোভাৱক তীক্ষ্ণ ভাষাৰে সমালোচনা অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰা।বৰা অভিযোগ অসমৰ বান সমস্যাক লৈ কেন্দ্ৰৰ মোডী আৰু ৰাজ্য সোণোৱাল চৰকাৰে যি ধৰণে গুৰুত্বৰ দিব লাগিছিল সেই দৰে গুৰুত্ব দিয়া নাই।নিৰ্বাচনী ইস্তাহাৰত প্ৰকাশ কৰা বানসমস্যা এটাও প্ৰতিশ্ৰুতি ৰূপায়ন নহল।
ডিঙিত গামোচা লৈ প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে অসমক ভালপাওঁ বুলি কোৱা তেওঁ অভিনয় অসমৰ ৰাইজে বুজি পাইছে।জাতিৰ নায়কৰ সন্মান লোৱা মুখ্যমন্ত্ৰীৰ সৰ্বানন্দ সোণোৱালক আঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা দিয়ে সভাপতি বৰাই।
গুৱাহাটীৰ ৰাজীৱ ভৱনত অনুষ্ঠিত এক সংবাদ মেলত অসমৰ বান সমস্যা সন্দৰ্ভত সৰৱ হৈ বৰাই কয় কেন্দ্ৰত বিজেপি চৰকাৰ অহাৰ পৰা অসমে বানৰ বিশেষ পুঁজি লাভ কৰা নাই। “২০১৪ চনত ৭০ লাক মানুহ ক্ষতি গ্ৰস্ত হোৱা লগতে ৭০ জন মানুহ মৃত্যু মুখত পৰা বানৰ সৈতে মুকাবিলা কৰা বাবে কংগ্ৰেছ চৰকাৰৰ মুখ্যমন্ত্ৰী তৰুণ গগৈয়ে ৯৩৭০ কোটি টকা বিছাৰিছিল।কিন্তু মোডী চৰকাৰে এটকাও অসমক নিদিলে।২০১৫ চনৰ বানপানীত অসম চৰকাৰে কেন্দ্ৰৰ পৰা ২১০০ কোটি টকা বিচাৰিছিল সেইবোৰো একটকাও পুঁজি নিদিলে কেন্দ্ৰই”।
বিজেপিক প্ৰত্যাহ্বান জনাই বৰাই কয় সোণোৱাল চৰকাৰে অসমৰ বানসমস্যা ২০১৬চনত কেন্দ্ৰৰ বিজেপি চৰকাৰক ৫০৩৮ কোটি টকা বিচাৰিছিল।মোডীয়ে একাও নিদিলে টকা”।
ইফালে ২০১৭ চনত অসমৰ ভয়ংকৰ বানপানী পৰ্যবেক্ষণ কৰিবলৈ কেন্দ্ৰৰ এটা প্ৰতিনিধি দলৰ সৈতে প্রধানমন্ত্ৰী মোডীও আহিছিল।কেন্দ্ৰীয় প্ৰতিনিধি দলটোৱে ৪ হাজাৰ কোটি টকা ক্ষয়-ক্ষতি হোৱা বুলি প্ৰতিবেদন দাখিল কৰিছিল।উক্ত বৰ্ষ পহিলা আগষ্টত বানপানীৰ পৰ্যবেক্ষণ কৰিবলৈ আহি প্ৰধামন্ত্ৰী মোডীয়ে অসমৰ কেবিনেটৰ সৈতে বৈঠকত মিলিত হৈ সমগ্ৰ উত্তৰ-পূৰ্বৰ বাবে বানপানীৰ সমস্যাৰ বাবে ২৩৫০ কোটি, অসমৰ কাৰনে ২৫০ কোটি অতিৰিক্ত তৎকালিন ভাবে মুকলি কৰিব, অসমৰ গৰাখহনীয়াৰ ৰোধ কৰা বাবে ৪০০ কোটি টকা, ব্ৰহ্মপুত্ৰ অৱবাহিকা নিয়ন্ত্ৰণৰ গৱেষণা বাবে ১ হাজাৰ কোটি টকা দিব বুলি ঘোষণা কৰিছিল।কিন্তু সেই ঘোষণাৰ ফুটাকৰি এটাও নাপালে অসম তথা উত্তৰ-পূৰ্বাঞ্চলে-বৰাই কয়।
মুখ্যমন্ত্ৰী সোণোৱালক আঠু লোৱা মুখ্যমন্ত্ৰী আখ্যা দি বৰাই কয়- অসমৰ সাংবিধানিক প্ৰাপ্য মোডী চৰকাৰৰ ওচৰত টেবুল ঢকিয়াই কিয় আনিব নোৱাৰিলে।তাতে প্ৰমাণ বিজেপি চৰকাৰৰ অসমৰ প্ৰতি কিমান দায়বদ্ধ।
২০১৪ চনৰ পৰা ১৮ চনলৈ কেন্দ্ৰৰ চৰকাৰে বান নিয়ন্ত্ৰণৰ বাবে এটকাও দিয়া নাই অসমক। আৰটিআই তথ্যত অসমৰ দুৰ্যোগ প্ৰশমন বিভাগে দাঙি ধৰিছে এই কথা বুলি উল্লেখ কৰি বৰাই কয় “এছডিআৰএফ যোগে ২০১৪ – ১৫ বৰ্ষত ২৮৮ কোটি , ২০১৫ – ১৬ বৰ্ষত ৪১৪ কোটি, ২০১৬- ১৭ বৰ্ষত ৪৩০ কোটি ২০১৭- ১৮ বৰ্ষত ৪৫৬ কোটি আৰু ২০১৮ চনৰ পৰা ২০২০ বৰ্ষলৈ কোনো টকা পোৱা নাই।এনডি আৰ এফৰ শিতানত ২০৮ কোটি টকা পাইছে এই চলিত বৰ্ষত” ৷
কেন্দ্ৰীয় বিত্তীয় আয়োগে অসমৰ বাবে নিৰ্ধাৰণ কৰা টকাও কৰ্টন কৰিছে কেন্দ্ৰীয় চৰকাৰে বুলি গুৰুত্ব অভিযোগ তুলি বৰাই কয় “১০১ খন আচনি ৰূপায়ন কৰা হৈছে বানপানীত ক্ষয় ক্ষতি ৰোধৰ বাবে।কিন্তু ৰহস্যজনক ভাৱে তাৰ মাত্ৰ দুখন আচনিৰ কামহে আৰম্ভ কৰিব পাৰিছে চৰকাৰে” ৷
তেওঁলোকৰ দক্ষতা ক’ত বুলি প্ৰশ্ন কৰি বৰাই আৰু কয় “অসমৰ বানপানীৰ কাৰনে ৪২টা আচনি নাবাৰ্ডৰ দ্বাৰা ৰূপায়ন কৰা হৈছে।কিন্তু নিকাম্মা চৰকাৰে ১৮টা আচনিৰে টেণ্ডাৰ লব নোৱাৰিলে ৷ যি কেইটাৰ টেণ্ডাৰ হল সেই কেইটাও কাম আৰম্ভ কৰিব পৰা নাই “।
প্ৰধানমন্ত্ৰীয়ে টুইট আৰু ফোন যোগে মুখ্যমন্ত্ৰীক খবৰৰ ললেই অসমৰ বান সমস্যা সমাধান নহয় বুলি উল্লেখ কৰি বৰাই কয় “পৰ্যাপ্ত সাহায্য পৰা বঞ্চিত বানাক্ৰান্ত সকল।নাই পশু খাদ্য, নাই চিকিৎসক সাহায্য শিবিৰত, নাই খোৱা পানীৰ ব্যৱস্থা”।













