
নিউজ ডেস্ক : চলিত বছৰৰ স্বাধীনতা দিৱস উদযাপনৰ বাবে লালকিল্লাত আৰম্ভ হৈছে প্ৰস্তুতি। কৰোনা অতিমাৰীৰ পৰিপ্ৰেক্ষিতত এইবাৰৰ আয়োজনত সৰ্বাধিক গুৰুত্ব প্ৰদান কৰা হ’ব সামাজিক দূৰত্ব আৰু হাইজিনৰ ওপৰত।
প্ৰাপ্ত তথ্য মতে, এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্যসূচীত আৰক্ষী তথা অন্যান্য সুৰক্ষা কৰ্মীসকলক দেখা পোৱা যাব পিপিই কিট পৰিহিত অৱস্থাত। আনহাতে, বহিবলৈ কাৰ্পেটৰ পৰিবৰ্তে সামাজিক দূৰত্ব বজাই ৰাখিবলৈ থাকিব চকী আৰু অতিথিৰূপে থাকিব মাত্ৰ ২৫০গৰাকী। এনচিচি কেডাৰৰ বাহিৰে এইবাৰৰ স্বাধীনতা দিৱসৰ কাৰ্য্যসূচীত কোনো স্কুলীয়া ছাত্ৰ-ছাত্ৰীও নাথাকিব। লগতে আবেলি ৰাষ্ট্ৰপতি ভৱনত অনুষ্ঠিত হ’বলগা অনুষ্ঠানত কৰোনা যোদ্ধা বিশেষকৈ স্বাস্থ্য কৰ্মীসকলৰ ওপৰত বিশেষ অনুষ্ঠান থাকিব।
উল্লেখযোগ্য যে প্ৰতিবছৰে প্ৰধানমন্ত্ৰীয়ে দেশক সম্বোধি দিয়া ভাষণত উপস্থিত থাকে ৯০০-১০০০ অতিথি। এই বছৰৰ ২৫০জনীয়া অতিথিৰ তালিকা প্ৰস্তুত কৰিব প্ৰতিৰক্ষা বিভাগে। উল্লেখ্য যে লালকিল্লাত থাকিব কেইবাটাও ছেনিটাইজেচন পইণ্ট।













