![]()
ষ্টাফ ৰিপ’ৰ্টাৰ,ডিফু:
এখন সামান্য প্লাষ্টিকৰ চকীক কেন্দ্র কৰি যােবা ২২ জুলাইৰ নিশা বকলীয়াঘাটৰ দুই নং উদালি গাঁবৰ নিবাসী বঞ্জিত বৰা নামৰ যুবকজনক দাৰে ঘপিয়াই নৃশংসভাবে হত্যা কৰা ঘাতক সঞ্জীব শইকীয়া ওৰফে পুহে (২৮)ক কালি সন্ধিয়া চুবুৰীয়া জিলা হােজাইৰ কাকী এলেকাৰ পৰা গ্রেপ্তাৰ কৰা হৈছে।
উল্লেখযােগ্য যে, উক্ত নিশা ৰঞ্জিতক হত্যা কৰাৰ পিছৰে পৰা পলাতক অবস্থাত থকা ঘাতক সঞ্জীৱৰ সন্ধানত অভিযান অব্যাহত ৰাখিছিল বকলীয়াঘাট আৰক্ষীয়ে। অবশেষত আৰক্ষীৰ নিৰন্তৰ অভিযানৰ অন্তত হােজাই জিলাৰ কাকী থানাৰ অন্তর্গত বেলতলা মিলনপুৰত থকা এঘৰ আত্মীয়ৰ ঘৰত আত্মগােপন কৰি থকা অবস্থাতে বকলীয়াগাট থানাৰ ভাৰপ্রাপ্ত আৰক্ষী বিষয়া বিজুকিংকৰ বসুমতাবীৰ নেতৃত্বত আৰক্ষীয়ে অভিযান চলাই অপৰাধীটোক গ্রেপ্তাৰ কৰিবলৈ সক্ষম হয়।
ইফোলে, বঞ্জিত বৰাৰ হত্যাকাণ্ডৰ প্রসঙ্গক কেন্দ্র কৰি কালি বকলীয়াঘাটএলেকাত এক উত্তেজনাপূর্ণ পবিস্থিতিৰ সৃষ্টি হয়। উদণ্ড প্রকৃতিৰ যুবক পুহে ওবফে সঞ্জীব শইকীয়াৰ বিৰুদ্ধে হৈ পৰা স্থানীয় লােকসকলেহত্যাকাৰীৰ ঘৰৰ চোতালত নিহত বঞ্জিত বৰাৰ মৃতদেহ সৎকাব কৰাব দাবীত স্থানীয় যুৱকসকলে এক উত্তাল পৰিবেশব সৃষ্টি কৰে।
অবশ্যে বকলীয়াঘাট থানাৰ সহকাৰী উপ-পৰিদর্শক বুধিৰাম বৰা আৰু লােকেন্দ্র পাংগিঙে স্থানীয় লােকসকলক কোনােপ্রকাৰে সৈমান কৰাই অবশেষত নিশা দুই নং উদালিৰ ৰাজহুবা শ্মশানত শেষকৃত্য সম্পন্ন কৰে। মৰণােত্তৰ পৰীক্ষাৰ অন্তত সন্ধিয়া নিহত বঞ্জিত বৰাৰ মৃতদেহ আহি নিজ ঘৰত উপস্থিত হােৱাৰ পিছতে চৌদেশ কান্দোনৰ ৰুল উঠে।
উল্লেখযােগ্য যে, বিধৱা মাতৃৰ লগতে নিহত ৰঞ্জিত বৰাউ ইহ সংসাৰত এটি সাতমীয়া সন্তান আৰু পত্নীক এৰি থৈ গৈছে।ইফালে, উক্ত হত্যাকাণ্ডৰ ঘটনাক কেন্দ্র কৰি সৃষ্টি হােৱা পৰিস্থিতিৰ বাবে আৰক্ষীয়ে গ্রেপ্তাৰ কবিবলৈ সক্ষম হােৱা হত্যাকাৰী সঞ্জীর শইকীয়াক নিৰাপত্তাজনিত কাৰণত মাঞ্জা থানালৈ প্রেৰণ কৰা হয়।













