![]()
নিউজ ডেস্কঃ
কৰ্ণাটক আৰু কেৰালাত ‘যথেষ্ট সংখ্যক’ আইএছআইএছ সন্ত্ৰাসবাদীৰ ঘাটি আছে৷ ভাৰতক এই বাৰ্তা দি সতৰ্ক কৰি দিছে ৰাষ্ট্ৰসংঘই৷ সন্ত্ৰাসবাদক লৈ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত এই বিষয়টো প্ৰকাশ পাইছে৷ ভাৰতীয় উপমহাদেশখনত প্ৰায় ১৫০ৰ পৰা ২০০ আল কায়দা সন্ত্ৰাসবাদী আছে৷
এই সন্ত্ৰাসবাদীয়ে ভাৰত, পাকিস্তান আৰু ম্যানমাৰত কূটাঘাতমূলক কাৰ্যকলাপৰ পৰিকল্পনা কৰিছে বুলি প্ৰতিবেদনত উল্লেখ কৰা হৈছে৷ ৰাষ্ট্ৰসংঘৰ প্ৰতিবেদনত উল্লেখ কৰা হৈছে যে আফগানিস্থানৰ নিমৰুজ, হেলমাণ্ড আৰু কান্দাহাৰ প্ৰদেশৰ তালিবানৰ দ্বাৰা ভাৰতত আল কায়দা সন্ত্ৰাসবাদী নিয়ন্ত্ৰিত ৷
বৰ্তমান ভাৰতীয় উপমহাদেশত সক্ৰিয় আল কায়দা সন্ত্ৰাসবাদীৰ প্ৰধান হ’ল ওছমা মেহমুদ৷ প্ৰতিবেদনত জনোৱা হৈছে যে সংগঠনৰ প্ৰাক্তন প্ৰধান আছিম উমৰৰ মৃত্যুৰ প্ৰতিশোধ ল’বলৈ ভাৰত, বাংলাদেশ, পাকিস্তান আৰু ম্যানমাৰত সন্ত্ৰাসবাদী কাৰ্যকলাপ চলাবলৈ ওছমাই পৰিকল্পনা কৰিছে৷
ইয়াৰ লগতে উল্লেখ কৰিছে যে আল কায়দাই কামৰ সুবিধাৰ বাবে ভাৰতত সন্ত্ৰাসবাদী সংগঠনটোৱে নতুন নাম দি লৈছে৷ ভাৰতত আল কায়দাৰ নাম হ’ল হিন্দ উলিয়াহ৷ এই সংগঠনত সদস্যৰ সংখ্যা প্ৰায় ১৮০ৰ পৰা ২০০ জন৷













