
নিউজ ডেস্ক : শনিবাৰে পুৱতি নিশা শ্রীনগৰ সংলগ্ন এলেকাত সৃষ্টি হয় প্ৰচণ্ড গুলিয়াগুলি। যাৰ ফলত দুই সন্ত্ৰসবাদী নিধন হোৱা বুলি জানিব পৰা গৈছে। বাকীকেইজনৰ সন্ধানত তালাচী চলায় সুৰক্ষা বাহিনীয়ে।
শ্রীনগৰ সংলগ্ন এলেকা ৰণবীৰগড়ত কেইবাজনো সন্ত্রাসবাদীয়ে ঘাটি গঢ়িছে বুলি খবৰ পায় কাশ্মীৰ আৰক্ষীয়ে। সমগ্ৰ এলেকা ঘেৰাও কৰি আৰম্ভ হয় তালাচী। তালাচী চলি থকা অৱস্থাতে জোৱানসকলক লক্ষ্য কৰি গুলি চলাবলৈ আৰম্ভ কৰে লুকাই থকা সন্ত্ৰসবাদীয়ে। যৌথবাহিনীৰ ওলোটা গুলিত নিহত হয় দুই সন্ত্ৰসবাদী। অৱশ্যে উগ্ৰপন্থী কেইটাৰ পৰিচয় লাভ কৰা হোৱা নাই।













