![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
খাকী পোছাকৰ আঁৰত মানৱীয় অনুভূতি।শিশুৰ মৃতদেহ বুকুত সাৱটি চিকিৎসালয়লৈ দৌৰিলে মৰিগাঁও সদৰ থানাৰ পৰিদৰ্শক।
আজি মৰিগাঁও চহৰত এগৰাকী আৰক্ষী বিষয়াই সম্পূৰ্ণ মানৱীয় অনুভূতিৰে এটি সলীল সমাধি ঘটা কণমানি শিশুৰ মৃতদেহ বুকুত সাৱটি চিকিত্সালয়লৈ লৈ যোৱাৰ দৃশ্যই শ আবেগিক কৰি তোলে বহু জনক।
মৰিগাঁও চহৰৰ এগৰাকী আৰক্ষী বিষয়াৰ মহানুভৱতাই আৱেগিক কৰিলে বিভিন্ন জন জনসাধাৰণক। আজি মৰিগাঁও চহৰৰ মৰি মুছলমান গাঁওত এটি তিনি বছৰীয়া কণমানি শিশু পানীত পৰি মৃত্যু হোৱাৰ সময়তে এক হূলস্থুলীয়া পৰিবেশৰ সৃষ্টি হয়।
এনে সময়তে মৰিগাঁও সদৰ থানাৰ পৰিদৰ্শক নেত্ৰ কমল শইকীয়া ই শিশুটিৰ মৃতদেহ পোষ্টমৰ্টেম কৰাবলৈ এনেদৰে কোলাত লৈ মৰিগাঁও অসামৰিক চিকিৎসালয়লৈ লৈ যোৱাৰ দৃশ্যই আবেগিক কৰি তোলে বহু জনক।
উল্লেখ্য নিজ কৰ্তব্যৰ প্ৰতি সদা সচেতন এই গৰাকী আৰক্ষী বিষয়াই নিশা দুই বজাটো ৰাইজৰ বিপদত নিজেই থিয় দিয়াৰ অলেখ উদাহৰণ আছে।
এফালে বিগত চাৰি মাহ ধৰি কোভিডৰ বিৰুদ্ধে মৰিগাঁও চহৰত সন্মুখৰ পৰা নেতৃত্ব দি থকা নেত্ৰ কমল শইকীয়াৰ দৰে সৎ নিষ্ঠাবান আৰক্ষী বিষয়াই পুনৰবাৰ প্ৰমাণ কৰে সকলো আৰক্ষী বিষয়া নিৰ্দয় নহয়। বহু আছে যি আজিও মানৱীয় অনুভূতিৰে দায়িত্ব পালন কৰি আছে।













