![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
ডিফু: পাহাৰীয়া জিলা কাৰবি আংলঙ জিলা ক্ৰমাত ভয়ঙ্কৰ গণ সংত্ৰমণৰ দিশে গতি কৰাত জিলাখনত তীব্ৰ চাঞ্চল্যৰ সৃষ্টি হৈছে ৷ আজি পুৱা প্ৰাপ্ত তথ্য অনুসৰি জিলাখনত নতুনকৈ ১৬ গৰাকীকৈ লোকৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছে ৷ কালি পশ্চিম কাৰবি আংলং জিলাৰ স্বাস্থ্য কৰ্মী MPW মন্টু তেৰাং আৰু ডিফু মেডিকেল কলেজৰ BSC নাৰ্ছ এগৰাকীৰ লগতে ৭ গৰাকী লোকৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱা গৈছিল ৷
আজি ক’ভিড-১৯ পজিটিভ হোৱা ১৬ গৰাকী লোক ডিফু নগৰৰ ৷ পূৰ্বে ক’ভিড-১৯ পজিটিভ পোৱা ওম প্ৰকাশ গুপ্তাৰ সংস্পৰ্শলৈ অহা এই ১৬ গৰাকীৰ দেহত ক’ভিড-১৯ পজিটিভ পোৱাৰ পিছত সদৰ চহৰ ডিফুত গণ সংক্ৰামণৰ গতি দ্ৰুত হোৱাৰ আশংকা কৰা হৈছে ৷
ক’ৰোনাক্ৰান্ত হোৱা ১৬ গৰাকীকৈ লোক ক্ৰমে, বিধান দাস (৪৫), ভক্ত চন্দ্ৰ ৰয় (৪০), সুজিত নাথ(২২), ছমুদেৱ(৮১), মায়াদি হাঞ্চু (৪৫), লিমিন্তা তেৰাঙপী( ৮), নীলা বে’পী (১৬), লংকিৰি তেৰাঙ (১৮), ৰূপা গুপ্তা (৩৫), আদিত্য গুপ্তা (১৫), ক্থুশী গুপ্তা (১০), অলকেশ দাস (৫২), চাৰমুকাং বে’ (৪০), ছেৰদিহুন বে’পী ( ৩৮), ৰাছিনজা বে’পি ( ৩২) আৰু ৰামবাবু ( ৫৪) ৷
বৰ্তমানলৈকে পোৱা তথ্য অনুসৰি জিলাখনত আক্ৰান্তৰ সংখ্যা বৃদ্ধি ৩১৬ স্পৰ্শ কৰিছে ৷ ইয়াৰে ২৩৮ গৰাকী কৰ’না মুক্ত হোৱাৰ বিপৰীতে ৭৫ গৰাকী সক্ৰিয় ভাবে কভিড ৰোগত আক্ৰানত হৈ আছে, ইয়াৰে এতিয়ালাকে তিনিজন ক’ভিড আক্ৰান্তহৈ মৃত্যু বৰণ কৰিছে ৷













