![]()
ষ্টাফ ৰিপ’ৰ্টাৰ:
সমগ্ৰ দেশৰ বহু ঠাইত মাস্ক পৰিধান নকৰাকৈ ঘুৰি ফুৰিছে৷ আৰক্ষীৰো তালৈ কোনো ভ্ৰূক্ষেপ নাই৷ কিন্তু যোগী আৰক্ষীৰ কৰ্তব্য পালনৰ দৃঢ়তা দেখি মানুহে তবধ মানিছে৷ মুখত মাস্ক নথকাৰ বাবে এটা ছাগলীক ধৰি থানালৈ আনে কানপুৰৰ বেকনগঞ্জৰ আৰক্ষীয়ে৷ ছাগলীৰ গৰাকীয়ে খবৰ পায়ে তুৰন্তে গঋ থানাত উপস্থিত হয়৷
বহু কাকুতি মিনতি কৰাত আৰক্ষীয়ে ছাগলীটোক জামিনত মুক্তি কৰি দিয়ে৷ লগতে সতৰ্ক কৰি দিয়ে, এনেদৰে পথত জন্তু এৰি দিব নালাগে৷ নতুবা থার্ড প্ৰয়োগ কৰিব পাৰে আৰক্ষীয়ে৷ ছাগলীৰ মুখত মাস্ক নথকাত আৰক্ষীয়ে ধৰি জীপত তুলি থানালৈ লৈ যায়৷ আনৱাৰগঞ্জৰ চক্ৰ বিষয়া চইফুদ্দিন বেগে জনোৱা মতে ছাগলীৰ লগত মাস্ক নিপিন্ধাকৈ এজন যুৱক আছিল৷
আৰক্ষী দেখি যুৱকজনে পলায়ন কৰে৷ সেয়ে ছাগলীটোকে লৈ আহে৷ ইয়াৰ লগতে তেওঁ কয়, কিয় ছাগলীয়ে মাস্ক নিপিন্ধাকৈ থাকিব? পোহনীয়া কুকুৰে যিদৰে মাস্ক পিন্ধে, তেন্তে ছাগলীৰ মুখ কিয় খোলা থাকিব? সংক্ৰমণ হ’ব পাৰে৷ এই ঘটনাটোৱে ছচিয়েল মিডিয়াত হাঁহিৰ খলকনি তুলিছে৷










