![]()
অজন্তা তালুকদাৰ:
বোকাখাত : বোকাখাতত ভাৰতীয় সেনা বাহিনীৰ অসম ৰাইফলচৰ এজন প্ৰাক্তন সেনা জোৱান আৰ্থিক অনাটনৰ বাবে ৰোগাক্ৰান্ত হৈ আজি কেইবা বছৰে শয্যাশায়ী হৈ আছে।
১৯৯৯ চনত অতি নিষ্ঠাৰে দেশ মাতৃৰ সেৱাৰ পৰা অৱসৰ গ্ৰহনকৰা তপন চন্দ্ৰ গোহাঁইয়ে আজি কিছু বছৰৰ পৰা এক দুৰাৰোগ্য ৰোগত আক্ৰান্ত হৈ বৰ্তমান বিনা চিকিৎসাৰে ঘৰৰ বিচনাত পৰি আছে। পেঞ্চনৰ টকা কেইটাৰে প্ৰথম অৱস্থাত গুৱাহাটীৰ বি বৰুৱা কেঞ্চাৰ হস্পিটালত চিকিৎসা কৰি এতিয়া প্ৰয়োজনীয় টকাৰ অভাৱত আনৰ মুখলৈ চাই থাকিব লগীয়া হৈছে।
উল্লেখযোগ্য যে গোহাঁইয়ে নিজৰ চিকিৎসাৰ বাবে ঘৰৰ ভেটিটো বাদ দি সকলো মাটি সম্পত্তি ইতিমধ্যে বিক্ৰী কৰিলে। গোহাঁইয়ে জনোৱা মতে ২০১৯ চনতে সুহৃদ আচনিৰ জড়িয়তে চিকিৎসাৰ সাহাৰ্য বিচাৰি মন্ত্ৰী তথা বোকাখাতৰ বিধায়ক অতুল বৰাক আবেদন জনাইছিল যদিও অদ্য পৰিমীত কোনো সহায় লাভ নকৰিলে।
ৰাজ্যিক স্বাস্থ্য মন্ত্ৰী পিষুশ হাজৰিকা আৰু সাংসদ মৌলানা বদৰুদ্দিন আজমলৰ ওচৰতো আবেদন কৰিছিল যদিও আজি পৰ্যন্ত কোনো ধৰণৰ চৰকাৰী সাহায্য লাভ কৰিবলৈ সক্ষম নহ’ল। যাৰ ফলশ্ৰুতিত ধনৰ অভাৱত যোৱা পাঁচমাহ ধৰি চিকিৎসাৰ পৰা বঞ্চিত হৈ থাকিব লগা হৈছে।
চৰকাৰৰ লগতে বৰ্তমান তেখেতে কোনোবা সুহৃদ ব্যক্তি, অনুষ্ঠান-প্ৰতিষ্ঠান, সংগঠন আদিৰ ওচৰত সহায় বিচাৰি মুকলি আহ্বান জনাইছে।
বোকাখাত থানাৰ অন্তৰ্গত ৩ নং পূৱ দ-গাঁও, নাহৰজান তিনিআলি নিবাসী গোহাঁইলৈ কোনো ব্যক্তি বা অনুষ্ঠানে যদি সাহায্য প্ৰদান কৰিব বিচাৰে তেখেতৰ ৯৪৩৫১২৩৮৪৭ ফোন নম্বৰত যোগাযোগ কৰাৰ লগতে তেখেতৰ ভাৰতীয় ষ্টেট বেংকৰ ১০৬৯৮৩৬৪১৭৪, আই এফ এচ চি- এচ বি আই এন ০০০০০৮৩ একাউণ্টত সাহায্য প্ৰদান কৰিব পাৰিব।













