![]()
নিউজ ডেস্কঃ
বিতর্ক আছিল বহুত। দুর্নীতিৰ অভিযোগত দীর্ঘদিন ধৰি চৰকাৰক তীব্র আক্রমণ কৰা হৈছিল। আনকি, ছুপ্রিম কোর্ট পর্যন্ত যুঁজ চলে। কিন্তু সকলো বিতর্কৰ অৱসান ঘটাই ফ্রান্সৰ পৰা ভাৰতৰ উদ্দেশ্যে ৰাওনা হ’ল প্রথম পৰ্যায়ৰ পাঁচখন ৰাফেল যুদ্ধ বিমান। অহা ২৯ জুলাই বুধবাৰে বিমান কেইখন হাৰিয়ানাৰ অম্বালাত উপস্থিত হৈ যোগ দিব ভাৰতীয় বায়ুসেনাত। মুঠ ৩৬খনৰ ভিতৰত বাকীসমূহ পৰ্যায়ক্ৰমে উপস্থিত হ’ব ভাৰতত।
২০১৬ চনত ফ্রান্স ভ্ৰমণলৈ গৈ প্রথম ৰাফেল চুক্তিৰ ঘোষণা কৰিছিল প্রধানমন্ত্রী নৰেন্দ্র মোদীয়ে। ৫৯ হাজাৰ কোটি টকাত ফ্রান্সৰ যুদ্ধবিমান প্রস্তুতকাৰী কোম্পানী ডাছো এভিয়েচনৰ পৰা ৩৬খন ৰাফেল যুদ্ধবিমান কিনাৰ চুক্তি হয়। সেই চুক্তিক লৈয়েই প্রশ্ন তোলে কংগ্রেছসহ বিৰোধীয়ে। তেওঁলোকৰ অভিযোগ আছিল, বহু বেছি মূল্যত এই চুক্তি কৰিছে মোদী চৰকাৰে। এই সম্পৰ্কত ছুপ্রিম কোর্টত গোচৰ ৰুজু কৰিছিল কংগ্রেছে। কিন্তু সুদীর্ঘ শুনানিৰ অন্তত ছুপ্রিম কোর্টে জনায়, ৰাফেল চুক্তিত কোনো বিসঙ্গতি নাই।

সেই সমস্ত বিতর্ক মাৰ নিয়াই শেষ পর্যন্ত সোমবাৰে ভাৰতৰ উদ্দেশ্যে উড়ান আৰম্ভ কৰিলে প্রথম পৰ্যায়ি পাঁচখন ৰাফেল যুদ্ধবিমানে। পূৰ্বতেই ফ্রান্সত গৈ এই বিমান উৰুওৱাৰ প্রশিক্ষণ লৈ আহিছিল ভাৰতীয় বায়ুসেনাৰ ১২জন পাইলট আৰু ইঞ্জিনিয়াৰসকলে। তেওঁলোকেই এই বিমানসমূহ ভাৰতলৈ উৰুৱাই আনিছে।
অৱশ্যে মাজপথত ইন্ধন ভৰোৱাৰ বাবে সংযুক্ত আৰব আমিৰশাহিত ফৰাচী বায়ুসেনাৰ ঘাটিত নামিব মঙ্গলবাৰে। তাৰ পিছত পুনৰ অম্বালাৰ দিশে উৰা মাৰিব। বুধবাৰে উপস্থিত হ’ব অম্বালাত।

ইফালে বিমানসমূহ অৱতৰণৰ পিছত স্বাগতম জনাবলৈ বায়ুসেনাৰ তৰফৰ পৰা বিশেষ প্রস্তুতিৰ কামো প্রায় শেষ হৈ গৈছে। ইতিমধ্যেই আন্তঃগাঁথনি আৰু প্রযুক্তিগত বহুখিনি পৰিবর্তনো কৰা হৈছে।
ফ্রান্সৰ পৰা উৰাৰ সময়ত তাত উপস্থিত আছিল ফ্রান্সত ভাৰতীয় ৰাষ্ট্রদূত। ভাৰতীয় পাইলটসকলক অভিনন্দন জনাই নিৰাপদে ভাৰতত উপস্থিত হোৱাৰ শুভেচ্ছাবার্তাও দিয়ে তেওঁ।

প্রতিৰক্ষা মন্ত্রালয়ৰ এক সূত্র সতে, এই ৰাফেল যুদ্ধবিমানসমূহ মোতায়েন কৰা হ’ব লাদাখত। প্রতিৰক্ষা বিশেষজ্ঞসকলৰ মতে, ৰাফেল অহাৰ পিছত বায়ুসেনাৰ মনোবলো যথেষ্ট বৃদ্ধি পাব।
উল্লেখ্য যে অত্যাধুনিক প্রযুক্তিৰ এই মিডিয়াম মাল্টি ৰোল কমবেট এয়াৰক্র্যাফটত আছে ইউৰোপৰ মিছাইল প্রস্তুতকাৰী কোম্পানী এম বি ডি এৰ মিটিঅৰ বিয়ণ্ড ভিজুৱেল ৰেঞ্জ এয়াৰ-টু-এয়াৰ মিছাইল, স্কাল্প ক্রুজ মিছাইল এণ্ড হামাৰ।












