![]()
স্বাস্থ্য প্ৰতিবেদনঃ
বিভিন্ন ধৰণৰ সংক্রমণ আৰু অসুখ-বিসুখ দূৰত ৰখাত সহায় কৰে ভিটামিন চিয়ে। আৰু নেমু যে ভিটামিন চিৰ উত্তম উৎস সেই কথা প্ৰায় সকলোৰে অৱগত। বিশেষকৈ ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ পৰা বাচিবলৈ হ’লে ইয়াৰ উপকাৰিতা বহুত। ইয়াৰ পিএইচৰ মাত্রা মানৱ শৰীৰৰ বাবে বেছ ভাল, লগতে ভিটামিন চি, এন্টিঅক্সিডেন্টসহ অন্যান্য উপাদান খুবেই উপকাৰী।
নেমুৰ উপকাৰিতাসমূহ কি কি?

১। পানীৰ অভাৱ পূৰণ
প্রতিদিনে মহিলাসকলৰ শৰীৰত কমেও ৯১ আউন্স আৰু পুৰুষসকলৰ কমপক্ষেও ১২৫ আউন্স পানীৰ প্রয়োজন। এই পানী শৰীৰে পায় পানীয়, খাদ্য যিবোৰ আমি খাওঁ তাৰ পৰাই। নেমু খালে সেই চাহিদা বহুখিনিয়েই পূৰণ হৈ যায়। ফলত ই শৰীৰক হাইড্রেট কৰাত সহায় কৰে।
২। এন্টিঅক্সিডেন্ট
চাইট্রাছ জাতীয় ফল নেমু। চি ভিটামিন প্রচুৰ পৰিমাণে থাকে। ভিটামিন চিত এন্টিঅক্সিডেন্ট থাকে যিয়ে কোষক ক্ষতিৰ পৰা ৰক্ষা কৰে। যিকোনো ৰোগৰ সৈতে যুঁজ দিয়াৰ বাবে প্রাথমিক শক্তি গঢ়ি তোলে।
৩। ভিটামিন চিৰ চাহিদাত
এটি নেমুৰ ৰসে প্রায় ১৮.৬ মিলিগ্রাম ভিটামিন চি সৰবৰাহ কৰে। এজন প্রাপ্তবয়স্কৰ শৰীৰত দিনে ৬৫-৯০ মিলিগ্রাম ভিটামিন চিৰ প্রয়োজন। যি নেমুৰ পৰা অনায়াসে পোৱা যায়। নেমুত থকা ভিটামিন চিয়ে কার্ডিওভাছকুলাৰ ডিজিজ, স্ট্রোক হোৱাৰ আশঙ্কা কমায়। উচ্চ ৰক্তচাপ হ্রাস কৰে।
৪। মেদ কমায়
নেমুৰ ৰস খালে ওজন কমিবই কমিব। কাৰণ নেমুত থকা এন্টিঅক্সিডেন্টে শৰীৰৰ ক্ষতিকৰ মেদ জমা হ’বলৈ নিদিয়ে। অতিৰিক্ত মেদ আঁতৰাই দিয়ে। অৱশ্যে সেয়া সঠিক নিয়মত খাব লাগিব।
৫। শৰীৰৰ অংগ-প্ৰত্যংগত
উষ্ণ গৰম পানীত নেমুৰ ৰস মিহলাই খালে সি পাচনতন্ত্রক সক্রিয় কৰাত সহায় কৰে। নেমুৰ টেঙা স্বাদে অগ্নাশয়ক উদ্দীপিত কৰে। হজম প্রক্রিয়াক ঠিক ৰাখে, ফল খাদ্য সহজে হজম হয়। কোষ্ঠকাঠিন্য দূৰ হয়। শৰীৰত টক্সিন উৎপন্ন নহয়।
৬। মুখৰ দুৰ্গন্ধত
মুখৰ দুর্গন্ধৰ ফলত বিব্রত হয় বহুতেই। ইয়াৰ পৰা মুক্তি দিব পাৰে নেমুই। খোৱাৰ পিছত এক গিলাছ নেমু পানী খালে মুখৰ দুর্গন্ধ দূৰ হয়। নেমুৰ ৰসে বেকটেৰিয়াজনিত দুর্গন্ধ দূৰ কৰে।
৭। চাইট্রিক এচিড
নেমুত থকা চাইট্রিক এচিডে কিডনিত পাথৰ হ’ব নিদিয়ে। নেমুৰ ৰসে প্রসাবৰ এচিড ভাব কম কৰে।
৮। যৌৱন
নেমুত থকা ভিটামিন চি, এন্টিঅক্সিডেন্ট ইত্যাদি উপাদানসমূহে বয়সৰ চাপ পৰিবলৈ নিদিয়ে। যৌৱন ধৰি ৰখাত সহায় কৰে। ছালক চকচকীয়া আৰু নিমজ কৰে।
এই সকলোবোৰেই সার্বিকভাবে শৰীৰক সংক্রমণ আৰু তাৰ ফলত হোৱা নানান ব্যাধিৰ পৰা বচোৱাৰ বাবে প্রতিৰোধ গঢ়ি তোলাত সহায় কৰে।













