![]()
নিউজ ডেস্ক:
ভাৰতৰ প্রতিৰক্ষা ব্যৱস্থাৰ ইতিহাসত ডাঙৰ দিন বুধবাৰ অর্থাৎ ২৯ জুলাই। ফ্রান্সৰ পৰা ভাৰতৰ হাতলৈ আহিল ৰাফেল ফাইটাৰ জেট। প্রথম পর্যায়ত ৫খন ফাইটাৰ জেট আহি উপস্থিত হয় ভাৰতত। আম্বালা এয়াৰবেছত এই জেট কেইখন উপস্থিত হয়। বায়ুসেনাৰ শক্তি বৃদ্ধি কৰি প্রতিবেশীসকলৰ বুকুত ৰাফেলে কঁপনি তোলা বুলিয়েই অনুমান কৰে প্রতিৰক্ষা বিশেষজ্ঞসকলে।
ভাৰত আৰু ফ্রান্সৰ চুক্তি অনুসৰি মুঠ ৩৬খন ফাইটাৰ জেট হাতত পাব ভাৰতে। ফলত ৩৬জন বায়ুসেনা পাইলটক ৰাফেল চলোৱাৰ প্রশিক্ষণ দিব লাগিব। ইয়াৰ ভিতৰত বেছিভাগ পাইলটেই ফ্রান্সত গৈ প্রশিক্ষণ ল’ব লাগিব বুলি প্ৰকাশ। আন কেইবাজনেও ভাৰততে প্রশিক্ষণ ল’ব লাগিব।
ভাৰতীয় বায়ুসেনাৰ পাইলটসকলে ফ্রান্সত গৈ প্রশিক্ষণ লৈ এই ৰাফেল কেইখন উৰুৱাই আনিছে দেশলৈ। ভাৰতীয় পাইলটসকলৰ দক্ষতাৰ প্রশংসা কৰিছে ফ্রান্স চৰকাৰেও। তেওঁলোকৰ মতে, এই পাইলটসকল অসামান্য দক্ষ আৰু অত্যন্ত সাৱলীল। অত্যন্ত সুচাৰোভাবে আৰু নিপুণপভাবে নিজৰ প্রশিক্ষণ শেষ কৰিছে ভাৰতীয় পাইলটসকলে, এইবুলি জনাইছে ফৰাচী ৰাষ্ট্ৰদূতে।
ভাৰতত নিযুক্ত ফৰাচী ৰাষ্ট্রদূত ইমানুৱেল লেনাইনে জনায় যে পাইলটসকল যিমানেই দক্ষ, সিমানেই ৰাফেল চলোৱাৰ প্রশিক্ষণও সুন্দৰভাবে শেষ কৰিছে তেওঁলোকে। এই ফাইটাৰ জেট উৰুৱাবৰ বাবে সম্পূৰ্ণ সাজু তেওঁলোক। আম্বালালৈ এই ফাইটাৰ জেট কেইখন লৈ আহিছে ভাৰতীয় পাইলটসকলে। তেওঁলোকৰ নেতৃত্বত আছে গ্রুপ কেপ্টেইন হৰকিৰত সিং।











