![]()
নিউজ ডেক্স:
সংবিধানৰ প্ৰস্তাৱনাৰ পৰা প্ৰত্যাহাৰ কৰিব লাগে ‘সমাজবাদী’ আৰু ‘ধৰ্ম নিৰপেক্ষ’ শব্দ৷ ইয়াকে লৈ উচ্চতম ন্যায়ালয়ত দাখিল কৰিছে লেখ আবেদন৷ ভাৰতীয় সংবিধানৰ প্ৰস্তাৱনাত থকা ‘সমাজবাদী’ (Socialist) আৰু ‘ধৰ্ম-নিৰপেক্ষ’ (Secular) – এই শব্দ দুটাক প্ৰত্যাহাৰ কৰিবলৈ উচ্চতম ন্যায়ালয়ত লেখ আবেদন দাখিল কৰিছে দুজন অধিবক্তাই।
বলৰাম সিং আৰু কৰুণেশ কুমাৰ শুক্লা নামৰ অধিবক্তা দুগৰাকীয়ে ৪২তম সংবিধান সংশোধনী আইন, ১৯৭৬ক প্ৰত্যাহ্বান জনাই দেশৰ সৰ্বোচ্চ ন্যায়ালয়ৰ কাষ চাপিছে। ১৯৭৬ চনত জৰুৰীকালীন অৱস্থাৰ সময়ত সেই সময়ৰ প্ৰধানমন্ত্ৰী ইন্দিৰা গান্ধীৰ তৎপৰতাত ৪২তম সংবিধান সংশোধনী বিধেয়ক, এখন অধ্যাদেশৰ যোগেদি কাৰ্যকৰী কৰা হৈছিল।
কেৱল প্ৰস্তাৱনাই নহয়, এই আইনৰ যোগেদি ভাৰতীয় সংবিধানৰ ব্যাপক সংশোধন ঘটোৱা হৈছিল। আবেদনকাৰীৰ মতে, এই সংযোজিত শব্দ দুটা অবৈধ আৰু সংবিধানৰ অনুচ্ছেদ ১৯ (১) আৰু ২৫-এ সুনিশ্চিত কৰা অভিব্যক্তি আৰু ধর্মৰ অধিকাৰৰ পৰিপন্থী। এই দুই শব্দ ভাৰত গণৰাজ্যৰ সংস্কৃতি আৰু বুৰঞ্জীক বিৰুদ্ধাচৰণ কৰে বুলিও উল্লেখ কৰা হৈছে লেখ আবেদনত।
লগতে ভাৰতীয় সভ্যতা সমগ্ৰ বিশ্বৰ ভিতৰতে প্ৰাচীন আৰু ইয়াৰ ধৰ্মৰ ধ্যান ধাৰণা সুকীয়া, সেয়েহে বামপন্থী চিন্তাধাৰাই চিহ্নিত কৰা ৰাষ্ট্ৰৰ পৰিভাষা ভাৰতীয় সভ্যতাত অমূলক।’ – এনেদৰেও উল্লেখ কৰিছে আবেদনখনত৷ উল্লেখযোগ্য যে অধিবক্তা দুগৰাকীয়ে ‘Representation of Peoples Act 1951’ৰ দফা ‘29 A (5)’কো উচ্চতম ন্যায়ালয়ত প্ৰত্যাহ্বান জনাইছে।
এই দফা অনুসৰি এটা ৰাজনৈতিক দলে নিৰ্বাচনী আয়োগত পঞ্জীয়ন কৰিবলৈ হ’লে দলীয় সংবিধানত বিশেষ নীতি নিয়ম সন্নিবিষ্ট কৰিব লাগিব, যি দলটোৰ সদস্য সকলে সমাজবাদী, ধর্ম-নিৰপেক্ষ আৰু গণতান্ত্ৰিক চিন্তাধাৰাৰে বাধ্যতামূলকভাৱে পৰিচালিত হোৱাটো সুনিশ্চিত কৰিব৷ সংবিধান নির্মাতাই প্ৰস্তাৱনাত ভাৰতবৰ্ষক সাৰ্বভৌম, গণতান্ত্ৰিক, গণৰাজ্য হিচাপে চিহ্নিত কৰিছিল।
৪২তম সংশোধনীৰ যোগেদি সমাজবাদী আৰু ধর্ম নিৰপেক্ষ – এই দুই শব্দৰ সংযোজন কৰা হৈছিল। আনহাতে কেশৱানন্দ গোচৰত উচ্চতম ন্যায়ালয়ে সংবিধানৰ বুনিয়াদী পৰিকাঠামো নিৰ্ধাৰণ কৰিছিল।
১৯৭৩ চনত ১৩ জনীয়া সাংবিধানিক বিচাৰপীঠে এই বুনিয়াদী পৰিকাঠামো ভাৰতীয় সংসদে সংশোধনী আইন প্ৰণয়ন কৰি সলনি কৰাৰ ক্ষমতা কৰ্তন কৰিছিল। ১৯৯৪ চনত এচ আৰ বম্মাই গোচৰত সৰ্বোচ্চ ন্যায়ালয়ে প্ৰস্তাৱনাক বুনিয়াদী পৰিকাঠামোৰ অংশ-বিশেষ হিচাপে চিহ্নিত কৰিছিল। গতিকে প্ৰস্তাৱনাৰ পুনৰ পৰিবৰ্তন সাধন কৰাটো জটিল বুলি সংবিধান বিশেষজ্ঞ সকলে ক’ব খোজে।











