
নগাঁও : নগাওঁ জিলাত কৰ’না ভাইৰাছৰ দ্ৰুত সংক্ৰমণে ভয়াৱহ ৰূপ ধাৰণ কৰিছে। আজি দিনটোতে জিলাখনত ১৩৩ গৰাকী লোক কৰ’নাত আক্রান্ত হোৱা বুলি নিশ্চিত কৰা হৈছে। ইয়াকে লৈ আজি বিয়লি তিনি বজা পৰ্যন্ত জিলাখনত কৰ’নাত আক্ৰান্তৰ সংখ্যা ১৯৮৯জনলৈ বৃদ্ধি পালে।
ইপিনে, আজি জিলাখনৰ বিভিন্ন কোৱাৰেন্টাইন চেন্টাৰত কোৱাৰেন্টাইন হৈ থকা ৫৭গৰাকী লোকক ঘৰলৈ যাবলৈ অনুমতি প্ৰদান কৰা হৈছে। আজি নগাঁও চহৰৰ ভোগেশ্বৰী ফুকননী অসামৰিক চিকিৎসালয়, আমোলাপট্টি এল পি স্কুল, হয়বৰগাঁও হাইস্কুল, ইংলিছ একাডেমী, নুৰুদ্দিন মোক্তাৱ আৰু আল্ট্ৰালেৱৰ ওচৰত ৰেপিড এন্টিজেন টেষ্ট কৰোৱাৱাৰ ওপৰিও জিলাখনৰ জখলাবন্ধা, চামগুৰি, ধিং আৰু ৰহা প্ৰাথমিক স্বাস্থ্য কেন্দ্ৰতো বিভিন্ন লোকৰ ৰেপিড এন্টিজেন টেষ্ট কৰোৱা হৈছিল।













