![]()
নিউজ ডেক্স:
নোভেল ক’ৰোনাই এইবাৰ আক্ৰমণ ঘটালে নর্থ ব্লকতো। কেন্দ্রীয় গৃহমন্ত্রী অমিত শ্বাহ কোভিড-১৯ ভাইৰাছত আক্রান্ত হ’ল। দেওবাৰে টুইট কৰি নিজেই সেই কথা জনাইছে তেওঁ। চিকিৎসকৰ পৰামর্শ মতে হস্পিটেলত ভর্তি হোৱাৰ সিদ্ধান্ত লৈছে গৃহমন্ত্রীগৰাকীয়ে।
আজি বিয়লি ৪.৪৫ত টুইটাযোগে অমিত শ্বাহে কয়, ‘‘কৰোনাৰ প্রাথমিক উপসর্গ দেখা দিয়াত মই পৰীক্ষা কৰাইছিলো। তাৰ ৰিপোর্ট পজিটিভ আহিছে। মোৰ শৰীৰ ঠিকে আছে। কিন্তু চিকিৎসকৰ পৰামর্শত হস্পিটেলত ভর্তি হৈছো। বিগত কেইবা দিনো ধৰি যিসকল মোৰ সংস্পর্শলৈ আহিছিল, তেওঁলোকলৈ অনুৰোধ যে নিজকে আইছলেট কৰি পৰীক্ষা কৰাই লওক আপোনালোকে।’’













