নিউজ ডেস্কঃ
ৰামৰ পিছত এইবাৰ মাতৃ কৌশল্যাৰ বাবে মন্দিৰ নির্মাণৰ ব্যাপক প্ৰস্তুতি। কিন্তু অযোধ্যাত নহয়, সেয়া নির্মাণ কৰা হ’ব ছত্তীশগড়ত। অযোধ্যাত ৰাম মন্দিৰৰ শিলান্যাসৰ ধুমধামৰ মাজতেই এইকথা ঘোষণা কৰিলে ছত্তীশগড়ৰ মুখ্যমন্ত্রী ভূপেশ বাঘেলে।
ভূপেশৰ দাবী, ৰামৰ মামাগৃহ প্ৰকৃততে ছত্তীশগড়ত। নির্বাসনত থকা সময়ত তেওঁলোকৰ ৰাজ্যতে দীর্ঘকাল কটাইছিল ‘শ্রীৰামে’। তাৰ লগতে বাঘেলৰ আৰু দাবী, ৰাইপুৰৰ ওচৰত চান্দখুৰিত জন্মগ্রহণ কৰিছিল কৌশল্যাই। ফলত অযোধ্যাৰ পৰা ৮০০ কিলোমিটাৰৰ দূৰৰ চান্দখুৰিতেই নিৰ্মাণ কৰা হ’ব কৌশল্যাৰ সুবিশাল মন্দিৰ।
অৱশ্যে ছত্তীশগড়ৰ চান্দখুৰিত মাতা কৌশল্যাৰ প্রাচীন মন্দিৰ আছে। সেয়ে ভূপেশ বাঘেলে জনাইছে, অহা আগষ্ট মাহত চান্দখুৰিত মাতা কৌশল্যাৰ মন্দিৰটো নতুনকৈ সজোৱা হ’ব। পুর্ননির্মাণ কৰা হ’লেও পূর্বৰ মন্দিৰটোৰ মূল আন্তঃগাঁথনি বজায় ৰখা হ’ব। তাৰ লগতে মন্দিৰ সংলগ্ন চৌহদৰ সৌন্দর্যায়নো কৰা হ’ব। কেৱল সৌন্দর্যায়নৰ বাবেই ১৬ কোটি টকা ব্যয়ৰ পৰিকল্পনা কৰিছে ছত্তীশগড় চৰকাৰে। সমগ্ৰ পৰিকল্পনাই কৰা হৈছে ধর্মীয় পর্যটকক আকর্ষণ কৰাৰ বাবে।
ইতিমধ্যেই এই মন্দিৰৰ ৰূপৰেখা তৈয়াৰ কৰা হৈছে বুলিও জনাইছে বাঘেলে। তেওঁ লিখিছে, “দেশীয় আৰু আন্তর্জাতিক স্তৰৰ পর্যটনস্থল হিচাবে ৰাম বনগমন মার্গৰ নির্মাণ কৰিছে ৰাজ্য চৰকাৰে।” এই মার্গৰ উপৰি চান্দখুৰিৰ কৌশল্যা মন্দিৰক লৈও তেওঁৰ পৰিকল্পনাৰ কথা ঘোষণা কৰিছে বাঘেলে। লগতে প্রস্তাৱিত প্রকল্পটি চূড়ান্ত হ’লে কেনে দেখা হ’ব, সেই ছবিও টুইট কৰিছে তেওঁ। মন্দিৰ সংলগ্ন এলেকাত জলাশয়ৰ ওপৰত সেতু নির্মাণৰ বাবে বিষয়াসকলক নির্দেশ দিছে বাঘেলে।
ইয়াৰ উপৰি তাত ধৰমশালা, শৌচালয়ও গঢ়ি তোলা হ’ব। ৰাজ্য প্রশাসন সূত্রে জানিব পৰা মতে, চান্দখুৰিৰ উপৰি ৰাম বনগমন মার্গৰ বাবে বস্তাৰ, অম্বিকাপুৰ, সুকমাসহ ছত্তীশগড়ৰ মুঠ নটা স্থানত নির্মাণ কৰা হ’ব। এই নটা কেন্দ্রত সমগ্ৰ পৰিকল্পনাৰ বাবে ১৩৭.৪৫ কোটি টকা আবণ্টন কৰিছে ৰাজ্য চৰকাৰে।