![]()
নিউজ ডেস্ক:
কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েডুৰাপ্পাই দেওবাৰে কয় যে পৰীক্ষাৰ পাছত তেওঁক ক’ভিড-১৯ পজিটিভ পোৱা গৈছে৷ লগতে তেওঁ কয় যে চিকিৎসকৰ পৰামৰ্শ মতে তেওঁ চিকিৎসালয়ত ভৰ্ত্তি হৈছে৷ দেওবাৰে য়েডুৰাপ্পাই টুইট কৰি কয়, মই ক’ৰোনা ভাইৰাছত আক্ৰান্ত৷
মই ভালেই আছো, মই চিকিৎসকৰ পৰামৰ্শ মতে চিকিৎসালয়ত ভৰ্ত্তি হৈছো৷ মই অনুৰোধ কৰো যে যিসকল মোৰ ওচৰলৈ শেহতীয়াকৈ আহিছিল তেওঁলোকে পৰীক্ষা কৰক আৰু নিজে কোৱাৰেণ্টাইনত থাকক৷ মণিপাল হাস্পতালৰ অধ্যক্ষ এইচ সুদৰ্শন বাল্লালে এক বিবৃতিত কয়, কৰ্ণাটকৰ সন্মানীয় মুখ্যমন্ত্ৰী বি এছ য়েড্ডিৰাপ্পামণিপাল হাস্পতালত ভৰ্ত্তি হৈছে৷













