নিউজ ডেস্কঃ
বিশ্বজুৰি বৃদ্ধি পাই থকা ক’ৰোনা পৰিস্থিতিৰ মাজতে বিচিজি ভেকচিনে (BCG vaccine) দেখুৱালে এক নতুন আলোকৰ দিশ। ক’ৰোনা ভাইৰাছৰ ভেকচিন প্রস্তুতৰ বাবে সমগ্র বিশ্বজুৰি চলিছে চূড়ান্ত পর্যায়ৰ পৰীক্ষা। দ্রুতভাৱে সঠিক ভেকচিন আৱিষ্কাৰৰ লক্ষ্যত আছে সমগ্ৰ বিশ্ব।
বিচিজি ভেকচিন
ব্রিটেইন, আমেৰিকা, চীন, ৰাছিয়া আৰু ভাৰততো চলিছে চূড়ান্ত পর্যায়ৰ পৰীক্ষা। কিন্তু ইয়াৰ মাজতেই জনা গৈছে, টিবি ৰোগৰ প্রতিষেধক বিচিজি ভেকচিন এই ৰোগৰ বিৰুদ্ধে সর্বাধিক কার্যকৰী হৈছে। আক্রান্ত ব্যক্তিৰ দেহত প্রথম ৩০ দিনৰ ভিতৰতেই এই ভেকচিনে কৰোনাৰ সংক্রমণ বৃদ্ধি কমাই দিব পাৰে।
এই ভেকচিন প্রয়োগত মৃতকৰ সংখ্যা বহু কম
আমেৰিকান এছোচিয়েচন ফৰ এডভান্সমেন্ট অব ছায়েন্সে জনাইছে, যিবোৰ দেশত বিচিজি টীকা বাধ্যতামূলক, সেইবোৰ দেশত ক’ৰোনা ভাইৰাছৰ সংক্রমণৰ প্রথম ৩০ দিন কম সংক্রমণ ঘটিছে আৰু সর্বোপৰি মৃত্যুৰো বহু কম। এই পৰিস্থিতিত গৱেষকসকলে অনুমান কৰিছে, কেইবা দশক পূৰ্বে মার্কিন যুক্তৰাষ্ট্রত এই টীকা দিয়াটো বাধ্যতামূলক কৰিলে, বৰ্তমান এনে দিন দেখিব নালাগিলহেঁতেন।
বিশেষজ্ঞসকলৰ মত
১৩৪খন দেশৰ ওপৰত গৱেষণা কৰি গৱেষসকলে দেখিছে, ২৯ মার্চৰ ভিতৰতেই ২৪০০জনৰো বেছি মানুহ মার্কিন যুক্তৰাষ্ট্রত ক’ৰোনা ভাইৰাছৰ দ্বাৰা মৃত্যু হৈছিল। কিন্তু সঠিক সময়ত যদি বিচিজি ভেকচিন দিয়া গ’লহেঁতেন, তেতিয়াহ’লে এই পৰিমাণ ৫০০তকৈও বহু তলত থাকিলহেঁতেন।
অনুসন্ধান কৰি দেখা গৈছে, ভাৰত আৰু চীনত বিচিজি ভেকচিন প্রচুৰ পৰিমাণে দিয়া হয়। সেই কাৰণেই এই স্থানত আক্রান্তৰ সংখ্যা বৃদ্ধি পালেও, মৃতকৰ সংখ্যা বহু কম। শিশুসকলৰ জন্মৰ ১৫ দিনৰ ভিতৰতেই এই টীকা দিয়া হয়। ভাৰতত মহাৰাষ্ট্র চৰকাৰে বিচিজি ভেকচিনৰ নতুনকৈ ক্লিনিকেল ট্রায়েল আৰম্ভ কৰিছে।