নিউজ ডেস্কঃ
ক’ৰোনা ভাইৰাছৰ দ্বাৰা প্রাপ্তবয়স্কৰ তুলনাত শিশুসকল কিন্তু কম আক্রান্ত হয়। ইয়াৰ কাৰণ ব্যাখ্যা কৰিবলৈ গৈ বিজ্ঞানীসকলে জনাইছে, এছ-২ নামৰ ৰিচেপ্টৰ (S-2 receptor) শিশুসকলৰ শৰীৰত কম সক্রিয়ভাবে থাকে।
সেয়ে শিশুসকলৰ শৰীৰত এই ৰোগে বাহ বান্ধিব নোৱাৰে।এই বিষয়ৰ ওপৰত গৱেষণা কৰি বোষ্টন বিশ্ববিদ্যালয়ৰ স্কুল অব মেডিচিনৰ পেডিয়ট্রিক সংক্রামক ৰোগ বিভাগৰ অধ্যাপক ডঃ এলিজাবেথ বার্নেটে কয়, দহ বছৰৰ কম বয়সীয়া শিশুসকল ক’ৰোনা ভাইৰাছৰ দ্বাৰা কম আক্রান্ত হয়।
তাৰ কাৰণ হ’ল, এই এছ-২ ৰিচেপ্টৰ, যি ভাইৰাছ বাহক। শিশুৰ দেহত ক’ৰোনা ভাইৰাছ প্রবেশ কৰিলে, ভাইৰাছৰ স্পাইক প্রটিন এছ-২ ৰিচিপ্টৰ সৈতে মিহলি হৈ শৰীৰত প্রবেশ কৰে। সেই সময়ত কোষবোৰ সংক্রমিত হৈ নিজৰ বিস্তাৰ বৃদ্ধি কৰে।
বিজ্ঞানীসকলৰ ধাৰণা, শিশুসকলৰ ওপৰৰ শ্বসনতন্ত্রত এছ-২ ৰিচিপ্টৰ বেছি থাকে। যি এজন প্রাপ্তবয়স্কৰ হাওঁফাওঁত বেছি থাকে। শ্বাসযন্ত্রৰ সহায়ত নিজৰ আধিপত্য বিস্তাৰ কৰে। ৪ বছৰৰ পৰা ৬০ বছৰ বয়সীয়া ব্যক্তিসকলৰ ওপৰত পৰীক্ষা কৰি দেখা গৈছে, এছ-২ এনজাইমবোৰ দহ বছৰৰ কম বয়সীয়া শিশুসকলৰ মাজত তুলনামূলকভাৱে কম সক্রিয় হৈ আছে।
সেই কাৰণেই ক’ৰোনা ভাইৰাছে শিশুসকলক আক্রান্ত কৰিবলৈ অক্ষম। আনহাতে, বিজ্ঞানীসকলৰ অনুমান, ডাঙৰৰ তুলনাত শিশুই কম জোৰে হাঁচি মাৰে আৰু কম চাপত কাহে। সেয়ে তেওঁলোকৰ হাঁচি বা কাহ বেছি দূৰলৈ নাযায় আৰু মাটিত পৰি ভাইৰাছ মৰি যায়। সেয়ে শিশুসকল আক্রান্ত হ’লেও, তেওঁলোকৰ পৰা অন্যৰ দেহলৈ ভাইৰাছ বিয়পি নপৰে।