ASSAM TIMES POST,
নগাঁও: মৰণোত্তৰ ভাবে সুধাকণ্ঠ ড০ ভূপেন হাজৰিকাক আজি সন্ধিয়া ভাৰত চৰকাৰে ‘ভাৰতৰত্ন’ প্ৰদানৰ আনুষ্ঠানিকতাৰ পিছতে সমগ্র অসমত আনন্দময় পৰিবেশে বিৰাজ কৰে ।
ভাৰতবৰ্ষৰ ৰাষ্ট্ৰপতি ৰামনাথ কবিন্দে সুধাকণ্ঠৰ একমাত্র পুত্র তেজ হাজৰিকাৰ হাতত তেওঁৰ প্ৰয়াত পিতৃৰ নামত প্ৰদান কৰা “ভাৰতৰত্ন” সন্মানৰ আনুষ্ঠানিকতা সম্পন্ন কৰাৰ পাচত ড০ হাজৰিকাৰ গুণমুগ্ধৰ লগতে সমগ্র অসমবাসী উৎফুল্লিত হৈ পৰে । এনে আনন্দময় পৰিবেশৰ সমান্তৰালভাৱে সুধাকণ্ঠ ড০ হাজৰিকাৰ অভাৱ প্ৰতিজন অসমীয়াই পুনৰাই অনুভৱ কৰে।
নগাঁও চহৰৰ ৰণাংগন প্ৰকাশনৰ কাৰ্যালয়তো আজি সন্ধিয়া আনন্দ উৎসৱৰ আয়োজন কৰা হয় ।কাৰ্যালয়টোত ভাৰতৰত্ন ড০ ভূপেন হাজৰিকা বুলি লিখা প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলনৰ পিছতে উপস্থিত লোক সকলৰ মাজত মিঠাই বিতৰণ কৰা হয়।
অসম কবি সন্মিলনৰ উদ্যোগতো নগাঁৱস্থ মূখ্য কাৰ্যালয়ত সুধাকণ্ঠ গৰাকীৰ প্ৰতিচ্ছবিত মাল্যাৰ্পন, বন্তি প্ৰজ্বলন আদি কৰা হয়। বন্তি প্ৰজ্বলন কৰে কেন্দ্ৰীয় সমিতিৰ সাধাৰণ সম্পাদক নীল বৰাই।













