স্বাস্থ্য প্ৰতিবেদন:
তেঁতেলী এনে এবিধ ফল, যাৰ নাম শুনিলেই সবলোৰে জিভালৈ পানী আহিব। এই ফলৰ গুণ যথেষ্ট। কাৰণ এই ফল খালে শৰীৰত একেলগে বহু ধৰণৰ উপকাৰ লাভ কৰা যায়। তেঁতেলী কেঁচা, পকা, আচাৰ বা চচ তৈয়াৰ কৰি বিভিন্ন ধৰণে খাব পৰা যায়। পকা তেঁতেলী সংৰক্ষণ কৰি গোটেই বছৰ খাব পৰা যায়।
তেঁতেলীৰ পুষ্টিগুণ
প্রতি ১০০ গ্রাম পকা তেঁতেলীত মুঠ খনিজ পদার্থ ২.৯ গ্রাম, খাদ্যশক্তি ২৮৩ কিলোকেলৰি, আমিষ ৩.১ গ্রাম, চর্বি ০.১ গ্রাম, শর্কৰা ৬৬.৪ গ্রাম, কেলচিয়াম ১৭০ মিলিগ্রাম, আয়ৰন ১০.৯ মিলিগ্রাম, কেৰটিন ৬০ মাইক্রোগ্রাম আৰু ভিটামিন চি ৩ মিলিগ্রাম থাকে।
তেঁতেলীৰ কিছু উপকাৰিতা
কোষ্ঠকাঠিন্যৰ সমস্যাৰ পৰা মুক্তি পাব বিচাৰিলে তেঁতেলীৰ সহায় লওক। তেঁতেলীত টার্টাৰিক এচিডো মেলিক এচিড আৰু পটাচিয়াম আছে যিয়ে কোষ্ঠকাঠিন্য দূৰ কৰে। বৰ্তমানো আয়ুর্বেদত তেঁতেলীৰ পাত ডায়েৰিয়া নিৰ্মূলত ব্যৱহাৰ হয়। ইয়াৰ উপৰি তেঁতেলী গছৰ ছাল আৰু শিপা পেটৰ বিষ উপশম কৰিবলৈ ব্যৱহাৰ কৰা হয়।
তেঁতেলীৰ গুটি ডায়েবেটিছ নিয়ন্ত্রণ কৰিবলৈ সক্ষম। ইয়াৰ উপৰি ই ৰক্তত চেনিৰ মাত্রাও ঠিক ৰাখে। ইয়াত উপস্থিত থকা এক ধৰণৰ এনজাইমে ৰক্তত চেনিৰ মাত্রা কমোৱাত সহায় কৰে।
তেঁতেলীত উচ্চ মাত্রাত ফাইবাৰ আছে আৰু লগতে ই সম্পূর্ণ ফেট মুক্ত। গৱেষণা কৰি পোৱা গৈছে যে প্ৰতিদিনে তেঁতেলী খালে ওজন কমে। ইয়াৰ কাৰণ হ’ল ইয়াত থকা ফ্লেভনইডছ আৰু পলিফেনলছ। ইয়াৰ উপৰি ইয়াত থকা হাইদ্ৰক্সিচাইট্ৰিক এচিডে ক্ষুধা কমায়।
তেঁতেলীত থকা ফ্লেভৰনয়েডে বেয়া কলেষ্টেৰল কমায় আৰু ভাল কলেষ্টেৰল বঢ়ায়। ইয়াৰ উপৰি ৰক্তত ট্রাইগ্লিছাৰাইড (এক ধৰণৰ ফেট) জমা হ’বলৈ নিদিয়ে। ইয়াত থকা উপস্থিত উচ্চ পটাচিয়ামে ৰক্ত চাপ কম কৰাত সহায় কৰে।
তেঁতেলীত উচ্চ পৰিমাণে এন্টি অক্সিডেন্ট আছে যিয়ে কিডনি বিফল আৰু কিডনি কেন্সাৰ ৰোধ কৰাত সহায় কৰে। তেঁতেলী গছৰ পাত আৰু বাকলি এন্টিচেপটিক আৰু এন্টি বেকটেৰিয়েল। ফলত ক্ষত ভাল কৰি তোলাত সহায় কৰে। নিয়মিত তেঁতেলীৰ গুটিৰ গুড়ি খালে পেপটিক আলচাৰ ভাল হৈ যায়। তেঁতেলিত থকা পলিফেনলিক কম্পাউন্ড আলচাৰ ভাল কৰি তোলে বা হোৱাত বাধা দিয়ে। পকা তেঁতেলী ভিজাই ৰাখি পুৱা কেৱল পানী খালে হাত-ভৰিৰ জ্বালা কমে।
তেঁতেলীয়ে ক্ষতিকাৰক আলট্রা ভায়োলেট ৰশ্মিৰ পৰা ত্বকক বচোৱাত সহায় কৰে। ইয়াৰ উপৰি যিসকলৰ ব্রণৰ সমস্যা তেওঁলোকৰ বাবেও উপকাৰী তেঁতেলী। তেঁতেলীত থকা হাইড্রক্সি এচিডে ত্বকৰ এক্সফলিয়েচন কৰাতো সহায় কৰে যাৰ ফলত মৃত কোষ উঠি যায় আৰু ত্বক উজ্জ্বল দেখায়।
গর্ভাৱস্থাত তেঁতেলী খাব পাৰিনে?
গর্ভাৱস্থাত নাৰীসকলে সাধাৰণতে তেঁতেলী খাবলৈ পছন্দ কৰে। চিকিৎসাগত দিশৰ পৰাও আছে ইয়াৰ উপকাৰিতা। তেঁতেলীৰ উপাদানে গর্ভৱতী নাৰীসকলক মর্নিং চিকনেছৰ পৰা বহুখিনি মুক্তি দিয়ে। গর্ভাৱস্থাত তেঁতেলী খোৱা নিৰাপদ বুলিয়েই প্রমাণ পোৱা গৈছে। অৱশ্যে এক নির্দিষ্ট পৰিমাণত তেঁতেলী খোৱা উচিত।
তেঁতেলীত থকা নির্দিষ্ট কিছু প্রটিনে গর্ভাৱস্থাত কোষ্ঠকাঠিন্যৰ পৰা মুক্তি পোৱাত সহায় কৰে। গর্ভাৱস্থাত অন্যতম প্রধান সমস্যা হৈছে ৰক্তচাপ। তেঁতেলীৰ পটাচিয়াম আৰু আয়ৰনে ৰক্তচাপ নিয়ন্ত্রণত ৰখাত সহায় কৰে। তেঁতেলীয়ে, শৰীৰত এছপিৰিন জাতীয় ঔষধৰ কামত বাধা সৃষ্টি কৰি থাকে। সেয়ে গর্ভাৱস্থাত তেঁতেলী খোৱাৰ আগতে ডাক্তৰৰ সৈতে আলোচনা কৰি খোৱা উচিত।
সৰু-সুৰা সতর্কতা অৱলম্বন কৰি তেঁতেলী খালে সেয়া গর্ভাৱস্থাত নিৰাপদ খাদ্য হিচাবেই গণ্য হয়। কিন্তু মনত ৰাখিব, আপোনাৰ খাদ্য তালিকাত তেঁতেলী ৰখাৰ পূৰ্বে ডাক্তৰৰ পৰা পৰামর্শ ল’বলৈ নাপাহৰে যেন।
** আমাৰ স্বাস্থ্য প্ৰতিবেদন ভাল লাগিলে অনুগ্ৰহ কৰি শ্বেয়াৰ কৰিব৷
লগতে আপোনালোকৰ পৰামৰ্শও জনাব ৷**