ASSAM TIMES POST
নতুন দিল্লী: দেশৰ ৰাজধানী নতুন দিল্লীস্থ “Press Club of India” ত কালি বিয়লি দূৰদৰ্শনৰ ভগ্নী চেনেল ‘অৰুণপ্ৰভা’ত সম্প্ৰচাৰ হ’বলগীয়া ” মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱ” নামৰ হিন্দী ধাৰাবাহিকখনৰ সন্দৰ্ভত এখন সংবাদ মেল অনুষ্ঠিত হয়। বিভিন্ন বাতৰি কাকত, সংবাদ সংস্থা তথা বৈদ্যুতিন মাধ্যমৰ প্ৰতিনিধি উপস্থিত থকা সংবাদ মেলখনত ‘আন্ত:ৰাষ্ট্ৰীয় ন্যুজ সংস্থা’ৰ পৰিচালক তথা ধাৰাবাহিকখনৰ পৃষ্ঠপোষক লক্ষ্মী নাৰায়ণ ভালা, অসম সত্ৰ মহাসভাৰ সভাপতি তথা প্ৰধান সম্পাদক ক্ৰমে জিতেন্দ্র নাথ প্ৰধানী আৰু কুসুম কুমাৰ মহন্ত, আৰু ধাৰাবাহিকখনৰ পৰিচালক বিজয় শৰ্মা, বিশিষ্ট লিখক- সমালোচক হেমচন্দ্ৰ শইকীয়াই অংশগ্ৰহণ কৰে।

সংবাদ মধাৰাবাহিকখনৰ পৰিচালক বিজয় শৰ্মাই শ্ৰীমন্ত শঙ্কৰদেৱৰ প্ৰসংগত কয় যে ” ভাৰতত বহু ধৰ্ম গুৰুৰ জন্ম হৈছে, সকলোৱে ভগৱত ভক্তিৰ প্ৰচাৰ কৰিছিল, কিন্তু শ্ৰীমন্ত শঙ্কৰদেৱে কেৱল ভগৱত ভক্তিৰ প্ৰচাৰ কৰাই নহয়, স্বয়ং ভাৰতখনকে উপাস্য হিচাপে গ্ৰহণ কৰিছিল । ভাৰতত এনে উদাহৰণ দ্বিতীয়টো পাবলৈ নাই।” ধাৰাবাহিকখনৰ পৃষ্ঠপোষক লক্ষ্মীনাৰায়ণ ভালাজীয়ে সাংবাদিকৰ প্ৰশ্নৰ উত্তৰত এই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ কেৱল “অৰুণপ্ৰভা” চেনেলত সীমাবদ্ধ নাথাকে বুলি অৱগত কৰে। পৰ্যায়ক্ৰমে এই ধাৰাবাহিকখনৰ সম্প্ৰচাৰ অন্যান্য চেনেলসমূহতো হ’ব বুলি তেওঁ জানিবলৈ দিয়ে ।সংবাদ মেলত লক্ষ্মী নাৰায়ণ ভালাই আমাৰ ” Mahapurusha Srimanta Sankardev : The Versatile Genius of Assam ” শীৰ্ষক পুস্তিকাখন উন্মোচন কৰে । লিখক- সমালোচক হেমচন্দ্ৰ শইকীয়াই পুস্তিকাখনৰ যোগে শ্ৰীমন্ত শঙ্কৰদেৱৰ বহুমুখী প্ৰতিভা তথা ৰাষ্ট্ৰীয় সংহতিৰ ক্ষেত্ৰত গুৰুজনাৰ অৱদানৰ বিষয়ে চমুকৈ বক্তব্য আগবঢ়ায়। শইকীয়াই শ্ৰীমন্ত শঙ্কৰদেৱৰ জন্ম দিৱসটো ৰাষ্ট্ৰীয় বন্ধ(National Holiday) হিচাপে ঘোষণা কৰিবলৈ কেন্দ্ৰীয় চৰকাৰক আহ্বান জনায় । উল্লেখ্য যে ৰাজধানী দিল্লীৰ বৌদ্ধিক কেন্দ্ৰস্বৰূপ ” Press Club India”-অত অনুষ্ঠিত সংবাদ মেলখনত মহাপুৰুষ শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে হোৱা চৰ্চাই তাৎপৰ্য বহন কৰিছে । বিশেষকৈ ধাৰাবাহিকখনৰ সম্প্ৰচাৰ আৰম্ভ হোৱাৰ লগে লগে সমগ্ৰ ভাৰতবৰ্ষত শ্ৰীমন্ত শঙ্কৰদেৱৰ বিষয়ে চিন্তা-চৰ্চা আৰম্ভ হ’ব বুলি আশা কৰা যায়। তেতিয়া গুৰুজনাৰ মহানতাৰ কথা ভাৰতৰ বিভিন্ন প্ৰদেশৰ লোকে উপলব্ধি কৰিব পাৰিব।













