অজন্তা তালুকদাৰ
বোকাখাত : বোকাখাতৰ নৱপ্ৰজন্মৰ নাট্যকৰ্মীৰ প্ৰতিভা বিকাশৰ অৰ্থে গঠিত নাট্যগোষ্ঠী নাট্যম, বোকাখাতৰ উদ্যোগত আজি অনুষ্ঠিত হৈ যায় এখনি অনলাইন মনোজ্ঞ আৰু অন্তৰংগ আলাপ অনুষ্ঠান। নাট্যমৰ হৈ অনুষ্ঠানটিৰ আহ্বান কৰে নাট্যগোষ্ঠীটোৰ কাৰ্যনিৰ্বাহক সদস্য মৃত্যুঞ্জয় শইকীয়াই আৰু সঞ্চালনা কৰে উপ-সভাপতি অজন্তা তালুকদাৰে। প্ৰায় ৫০ গৰাকী সদস্যই অংশ লোৱা অনুষ্ঠানত নাট্যশিল্পটিৰ ওপৰত লক-ডাউনৰ প্ৰভাৱ আৰু নাট্যকৰ্মীৰ স্থিতি সম্পৰ্কে নিজ নিজ অভিমত ডাঙি ধৰি বক্তব্য প্ৰদান কৰে উপস্থিত বিষয়ববীয়া আৰু সদস্যসকলে।
নাট্যম, বোকাখাতৰ অধ্যক্ষ তথা নাট্যকাৰ অমৰ শৰ্মাই কয় যে অপেচাদাৰী নাট্য শিল্পৰ লগত জড়িত শৰ্মাৰ পেচা যিহেতু ব্যৱসায়, সেয়েহে লক-ডাউনৰ সময়ত সকলো অপেচাদাৰী নাট্যকৰ্মীয়ে নাট্যচৰ্চা বা শিল্পচৰ্চাৰ ক্ষেত্ৰত এশ শতাংশ আত্মনিয়োজন কৰিব পৰা নাই বুলি আক্ষেপ কৰে। অলেখ ব্যক্তিগত অসুবিধাৰ মাজতো তেখেতে এখন শিশুনাট আৰু আগন্তুক প্ৰতিযোগিতা ভৰ মঞ্চলৈ এখন একাংক নাট সম্পূৰ্ণ কৰিছে আৰু এখন পূৰ্ণাংগ নাটক ৰচনাৰ প্ৰায় শেষ পৰ্যায়ত উপনীত হৈছে বুলিও উল্লেখ কৰে। তাৰে এখন শিশু নাট।
উল্লেখ্য যে নাট্যকাৰ অমৰ শৰ্মাৰ ৰচিত অন্তেষপুৰৰ সাধু, পেণ্ডুলাম, দ্যা আল্টিমেট ব্যুমেৰাং, একুৱাৰিয়াম আদি বহুকেইখন নাটকে বিগত পাঁচ বছৰত অসমৰ বহু মঞ্চত শ্ৰেষ্ঠ নাটক, নাট্যকাৰকে ধৰি পুৰস্কাৰ লাভ কৰি বোকাখাতলৈ গৌৰৱ কঢ়িয়াই আনিছে। নাট্যগোষ্ঠীটোৰ উপ-সভাপতি তথা বিশিষ্ট অভিনেতা, নাট-পৰিচালক, ৰূপসজ্জাকাৰ নিৰজমনি বৰাই নিজৰ বক্তব্যত অসমৰ বাঁহ-বেতৰ থলুৱা উদ্যোগটোক নাটকৰ মঞ্চসজ্জাত সম্পূৰ্ণকৈ ব্যৱহাৰ কৰাৰ বহু থল থকা বুলি উল্লেখ কৰি নৱ প্ৰজন্মক এই সংস্কৃতি ৰক্ষাৰ বাবে আগবাঢ়ি আহিবলৈ আহ্বান জনায়। পেচাত শিক্ষক নিৰজমনি বৰা এগৰাকী বিশিষ্ট থলুৱা বাদ্যযন্ত্ৰ নিৰ্মাণ শিল্পীও।
অনুষ্ঠানত আৰু বক্তব্য প্ৰদান কৰে নাট্যমৰ সদস্য তথা প্ৰতিশ্ৰুতিসম্পন্ন নাট্যকৰ্মীসকল ক্ৰমে প্ৰণৱ শইকীয়া, মিতালী বৰা, শান্তিছায়া ডেকা, অভিলাষ বৰবৰা, ৰিয়া দাস, হিমাঞ্চল দত্ত, ধৰিত্ৰী বৰা আদিয়ে। অনুষ্ঠানত নাট্যমৰ যুটীয়া সম্পাদক ৰাতুল ফুকনৰ লগতে উপস্থিত থাকে নাট্যগোষ্ঠীটোৰ এগৰাকী জ্যেষ্ঠ সদস্য তথা বিশিষ্ট নাট্যকৰ্মী অনুপ তামুলী।
উল্লেখ্য যে অসমৰ এগৰাকী বিশিষ্ট যুৱ নাট-পৰিচালক, নাট্যকাৰ, অভিনেতা ৰাতুল ফুকনেও লক-ডাউনৰ সময়চোৱাৰ সদ্ব্যৱহাৰ কৰি লিখি উলিয়াইছে এখন চুটিছবিৰ চিত্ৰনাট্যৰ লগতে পূৰ্ণাংগ আৰু একাংকিকা (শিশু) দুখনকৈ নাট। আলাপৰ প্ৰাৰম্ভিক সময়তে অসমৰ বিশিষ্ট নাট্যকৰ্মী মাজুলী নিবাসী, বোকাখাতৰ জোঁৱাই সদ্যপ্ৰয়াত হেম দত্তৰ মৃত্যুত শোকপ্ৰকাশ কৰাৰ লগতে পৰিয়ালবৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰা হয়।
পৰবৰ্তী সময়ত স্বাভাৱিক জীৱনশৈলী উভতি অহাৰ লগে লগে নাট্যম, বোকাখাতৰ উদ্যোগত নাটকৰ মঞ্চসজ্জাত বাঁহ-বেতৰ অসমৰ থলুৱা শিল্পৰাজিৰ ব্যৱহাৰৰ বিষয়টো গুৰুত্ব সহকাৰে লৈ এখন কাৰিকৰী কৰ্মশালাৰ লগতে নাটকৰ কৰ্মশালা আৰু সামৰণিত নাট্যম, বোকাখাতৰ উদ্যোগত এখন পূৰ্ণাংগ নাট মঞ্চস্থ কৰাৰ সিদ্ধান্ত গ্ৰহণ কৰা হয়। আজিৰ অনুষ্ঠানত উপস্থিত সকলো নাট্যমৰ বিষয়ববীয়া আৰু সদস্যলৈ শলাগ জ্ঞাপন কৰে মৃত্যুঞ্জয় শইকীয়াই।