ASSAM TIMES POST
বোকাখাতঃ
সুধাকণ্ঠ ভূপেন হাজৰিকাদেৱলৈ মৰোণোত্তৰভাৱে ভাৰত ৰত্ন বঁটা প্ৰদান কৰা শুভ ক্ষনত যোৱা ৮ আগষ্টত বোকাখাত মহকুমা প্ৰশাসনৰ উদ্যোগত এক অনুষ্ঠানৰ আয়োজন কৰা হয়৷ বোকাখাতৰ আই টি আইৰ মন্মুখত থকা ড° ভূপেন হাজৰিকাৰ প্ৰতিমূৰ্তিত পুষ্পমাল্য অৰ্পণ কৰাৰ লগতে বন্তি প্ৰজ্বলন কৰা হয়

বন্তি প্ৰজ্বলন অনুষ্ঠানত বোকাখাত মহকুমাৰ মহকুমাধিপতি বিবেক শ্যাম, চক্ৰ বিষয়া খনিন দাস, আৰক্ষী বিষয়া জুয়েল গগৈ, সহকাৰী আয়ুক্ত, দণ্ডাধীশ, অসম ৰাজ্যিক সাংবাদিক সন্থাৰ সভাপতি জিতু শৰ্মা ৰাজখোৱা, প্ৰবীণ নাট্যকৰ্মী হৰি বৰঠাকুৰ, বোকাখাত শ্বহীদ কমলা মিৰি অসামৰিক চিকিৎসালয়ৰ মহকুমা চিকিৎসা আৰু স্বাস্থ্য বিষয়া ডাঃ ভাৰত ফুকন, বোকাখাতৰ খণ্ড উন্নয়ন বিষয়া জুৰি শইকীয়া আদিৰ লগতে বহু স্থানীয় ব্যক্তি উপস্থিত থাকে৷
সন্ধিয়া ৭ বজাত বোকাখাত চহৰৰ চিকণ আতা থানৰ তোৰণৰ সন্মুখত গীত মাত পৰিবেশনৰ জৰিয়তে ড° ভূপেন হাজৰিকাৰ সৃষ্টিৰাজিক আকৌ এবাৰ স্মৰণ কৰাৰ আয়োজন কৰা হয়। উক্ত অনুষ্ঠানত সমবেত ৰাইজে ভূপেন হাজৰিকাৰ কালজয়ী গীত ‘মানুহে মানুহৰ বাবে’ পৰিৱেশন কৰে। লগতে মহকুমাধিপতি বিবেক শ্যাম, চক্ৰ বিষয়া খনিন দাস, আৰক্ষী বিষয়া জুয়েল গগৈ, প্ৰবীণ শিল্পী জিতেন শৰ্মা ৰাজখোৱা, বিশিষ্ট শিল্পীদ্বয় ৰত্নেশ্বৰ মৰাং আৰু অতুল বেজবৰুৱা, মণ্টু শইকীয়া আৰু বহুসংখ্যক স্থানীয় শিল্পীয়ে ভূপেন্দ্ৰ সংগীত পৰিৱেশন কৰে।

দিনটোৰ বৰ্দ্ধিত গৰমকো নেওচি ভালেসংখ্যক স্থানীয় ৰাইজে শিল্পীসকলৰ গীত পৰিৱেশন উপভোগ কৰিলে। মৰোণোত্তৰভাৱে গণশিল্পী গৰাকীলৈ ভাৰত ৰত্ন বঁটা প্ৰদান কৰাত সমগ্ৰ অসমৰ লগতে বোকাখাতবাসীও উৎফুল্লিত হৈ পৰিছে আৰু এনেদৰে হৰ্ষোল্লাহে ওলাই আহি আনন্দোৎসৱত অংশ গ্ৰহণ কৰিলে। উক্ত অনুষ্ঠানত অংশ লোৱা সকলোকে মহকুমা প্ৰশাসনৰ পৰা ধন্যবাদ জনাইছে।













