স্বাস্থ্য প্ৰতিবেদন :
কল এবিধ অতি সহজলভ্য ফল। প্রায় প্রতিদিনেই কল খোৱা হয়। কিন্তু ইমান সহজলভ্য বুলিয়েই আকৌ বহুতৰ খাদ্য তালিকাত কল নাথাকে। বহুতে পচন্দও নকৰে। পচন্দ-অপচন্দ যিয়েই নকৰক কিয়, প্রতিদিনে এটি কল খালে কি কি উপকাৰ হয় বা হ’ব সেয়া জানি লওক :
ৰক্তচাপ নিয়ন্ত্রণত থাকে
বিস্ময়ৰ কথা একো নাই, কল ৰক্তচাপ কমাবলৈ সক্ষম। কলত আছে প্রচুৰ মাত্রাত পটাচিয়াম, যি শৰীৰত প্রবেশ কৰাৰ পিছত ছডিয়ামৰ প্রভাৱক কমাবলৈ আৰম্ভ কৰে। ফলত স্বাভাবিকভাবেই ৰক্তচাপ নিয়ন্ত্রণলৈ আহিবলৈ সময় নালাগে। তাৰ লগতে অন্য একাধিক শাৰীৰিক সমস্যাও নিয়ন্ত্রণলৈ আহে।
দৃষ্টিশক্তিৰ উন্নতি
দৃষ্টিশক্তিৰ উন্নতি ঘটাবলৈ কলৰ কোনো বিকল্প নাই বুলিয়েই ক’ব পাৰি। কলত থকা কেলচিয়াম, পটাচিয়াম আৰু নানাবিধ উপকাৰী উপাদান শৰীৰত প্রবেশ কৰাৰ পিছত এনে যাদু দেখায় যে চকুৰ স্বাস্থ্যৰ উন্নতি ঘটাবলৈ সময় নালাগে। তাৰ লগতে ৰেটিনাৰ ক্ষমতাও ইমান বৃদ্ধি পায় যে মেকুলাৰ ডিজেনেৰেচন বা কোনো ধৰণৰ চকুৰ ৰোগত আক্রান্ত হোৱাৰ সম্ভাবনা প্রায় নাথাকে।
ছালৰ বাবে উপকাৰী
কল খোৱাৰ পিছত যদি কলৰ খোলা (বাকলিৰ ভিতৰ ভাগ) মুখত লগাব পাৰে, তেনেহ’লে ত্বকৰ ৰোগৰ প্রকোপ কমে, তেনেদৰে হেৰুওৱা উজ্জ্বলতা পুনৰ ঘূৰি আহে। খোলাত থকা উপকাৰী ফেটি এচিডে এইক্ষেত্রত বিশেষ ভূমিকা পালন কৰি থাকে।
ডিপ্রেছন দূৰ কৰে
কলে ডিপ্ৰেছন দূৰ কৰে। মন প্ৰফুল্লিত কৰি তোলে কলে। ডায়েটত কলক স্থান দিলে শৰীৰত ট্রাইপটোফিন নামৰ এবিধ উপাদানৰ মাত্রা বৃদ্ধি পাবলৈ আৰম্ভ কৰে, যাৰ প্রভাৱত মন প্ৰফুল্ল কৰা হৰমোনৰ ক্ষৰণ ইমান মাত্রাত বাঢ়ি যায় যে স্ট্রেছ লেভেলতো কমেই, তাৰ লগতে মানসিক অৱসাদৰ প্রকোপ কমিবলৈও সময় নালাগে।