![]()
নিউজ ডেক্স:
এটাৰ পিছত আন এটা বিস্ফোৰণত কঁপি উঠে লেবাননৰ ৰাজধানী চহৰ বেইৰুট। মঙ্গলবাৰে বিয়লি বেইৰুটৰ বন্দৰ এলেকাত বিস্ফোৰণ দুটি ঘটে। ইয়াৰ তীব্রতা ইমানেই আছিল যে ১০ কিলোমিটাৰ দূৰ পর্যন্ত তাৰ কম্পন অনুভূত হয়।
লেবাননৰ স্বাস্থ্যমন্ত্রী হামাদ হাচানে জনোৱা মতে, এই ঘটনাত নিহত হৈছে অতিকমেও ৭৩ জন। আহত হৈছে প্রায় আঢ়ৈ হাজাৰ লোক। অৱশ্যে মৃতকৰ সংখ্যা আৰু বৃদ্ধি পাব পাৰে বুলি আশঙ্কা কৰিছে প্রশাসনে। আনহাতে,, বিস্ফোৰণত নিহতসকলৰ পৰিয়ালৰ প্রতি সমবেদনা জনাই বুধবাৰে ৰাষ্ট্ৰীয় শোক দিৱসৰ ঘোষণা কৰিছে লেবাননৰ প্রধানমন্ত্রী হাচান দিয়াবে।
স্থানীয় সংবাদ মাধ্যমৰ সূত্ৰ মতে, যি স্থানত বিস্ফোৰণ হৈছে তাত বহু কেইটা কেইবা মহলীয়া অট্টালিকা ভাঙি পৰিছে। ধ্বংসস্তূপৰ তলত বন্দী হৈ পৰিছে বহুতেই। অৱশ্যে বিস্ফোৰণৰ কাৰণ সম্পর্কে বিশেষ কিছু জানিব পৰা হোৱা নাই। কিন্তু দেশখনৰ আভ্যন্তৰীণ বিষয়ক মন্ত্রীৰ দাবী, এমোনিয়াম নাইট্রেটৰ পৰাই এই বিস্ফোৰণ হৈছে। কিন্তু বিস্ফোৰণৰ প্ৰকৃত উত্স কি তাৰ তদন্ত আৰম্ভ কৰিছে আৰক্ষীয়ে।
এক প্রত্যক্ষদর্শীয়ে জনোৱা মতে, স্থানীয় সময় তেতিয়া বিয়লি চাৰে ৫টা। এটাৰ পিছত আন এটাকৈ দুটা বিস্ফোরণ হয় বন্দৰ এলেকাত। তীব্রতা ইমানেই আছিল যে, ওচৰ-পাজৰৰ বহু ঘৰ ভাঙি গুড়ি হৈ যায়। বেলকনি, বাৰাণ্ডা আদি খহি পৰে। আতঙ্ক দৌৰাদৌৰি কৰি থাকে মানুহবোৰে। বহু মানুহ আহত হয়। তেওঁলোকক উদ্ধাৰ কৰি হস্পিটেলত ভর্তি কৰোৱা হৈছে।
**ভিডিঅ’ গ্লবেল নিউজৰ সৌজন্যত**













