![]()
নিউজ ডেস্কঃ
লাইন অব কন্ট্রোল বা প্ৰকৃত নিয়ন্ত্ৰণ ৰেখাত (LOC) এইবাৰ সুৰক্ষাৰ দায়িত্ব চম্ভালিছে অসম ৰাইফলছৰ মহিলা জোৱানসকলে। সম্প্রতি গ্ৰহণ কৰা এক সিদ্ধান্তৰ পিছত ১০ হাজাৰ ফুট উচ্চতাত নাৰকোটিক্স, নকল নোট আৰু অস্ত্ৰ-শস্ত্ৰৰ তালাচী কৰাৰ কাম এই মহিলা জোৱানসকলৰ কান্ধত দিয়া হৈছে।
লাইন অব কন্ট্রোলৰ এই এলেকা পাক অধিকৃত কাশ্মীৰৰ ওচৰত। এই এলেকাৰেই সন্ত্রাসবাদীয়ে ভাৰতত অনুপ্রবেশৰ চেষ্টাৰ লগতে নিচাযুক্ত দ্রব্য আৰু হাতিয়াৰৰো চোৰাং চালানৰ কাম কৰে।
এইবাৰ সেনাই এই কামৰ বাবে প্রথমবাৰ অসম ৰাইফলছৰ ওমেন প্ল্যাটুনক কামত লগাইছে। এই প্ল্যাটুনৰ ৯ ৰাইফলছ ওমেন সেনাই এগৰাকী মহিলা কেপ্টেইনৰ নেতৃত্বত তাৰ পৰা যোৱা সকলো গাড়ীৰ তালাচী চলাব আৰু সকলোতকৈ বেছি নজৰ ৰখা হ’ব মহিলাসকলৰ ওপৰত।
উল্লেখ্য, এই এলেকাত হঠাতে বতৰৰ পৰিৱৰ্তন হৈ যায়, আৰু কোবাল বতাহৰ লগে লগে প্ৰবল বৃষ্টিপাত আৰু বৰফে কামত সমস্যাৰ সৃষ্টি কৰে। কিন্তু অসম ৰাইফলছৰ মহিলা জোৱানসকল দুর্গম এলেকাত মোতায়েন থকাৰ কাৰণে তেওঁলোকৰ এই এলেকাত কাম কৰিবলৈ খুব এটা বেছি সমস্যাৰ সন্মুখীন নহ’ব।













