নিউজ ডেস্ক:
মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রী তথা কংগ্রেছৰ বর্ষীয়ান নেতা শিৱাজীৰাও পাটিল নিলাঙ্গেকাৰৰ আজি মৃত্যু ঘটে। বুধবাৰে পুৱা পুনেত মৃত্যু হয় ৰাজনৈতিক নেতাজনৰ। মৃত্যুৰ সময়ত তেওঁৰ বয়স আছিল ৮৯ বছৰ। বুধবাৰে পুৱা শিৱাজীৰাও পাটিল নীলাঙ্গেকাৰৰ পৰিয়ালৰ তৰফৰ পৰা এই খবৰ জনোৱা হৈছে।
উল্লেখযোগ্য যে বর্ষীয়ান নেতাজন ক’ৰোনা ভাইৰাছত আক্রান্ত হৈ হস্পিটেলত ভৰ্তি হৈ আছিল। পিছত ক’ৰোনা ৰিপোর্ট নেগেটিভ অহাৰ পাছত তেওঁক হস্পিটেলৰ পৰা যাবলৈ দিয়া হয়। পৰিয়ালৰ সূত্ৰে জনোৱা মতে মহাৰাষ্ট্রৰ প্রাক্তন মুখ্যমন্ত্রীজন কিছুদিন ধৰি কিডনিজনিত সমস্যাত ভুগি আছিল, আৰু এই সমস্যাৰ কাৰণেই তেওঁ পুনেৰ এখন বেচৰকাৰী হস্পিটেলত চিকিৎসাধীন হৈ আছিল। বুধবাৰে তাতেই তেওঁৰ মৃত্যু হয়। আজিয়েই নীলাঙ্গাত তেওঁৰ শেষকৃত্য সম্পন্ন হ’ব।
শিৱাজীৰাও পাটিল নীলাঙ্গেকাৰ ১৯৮৫ চনৰ জুন মাহৰ পৰা ১৯৮৬ চনৰ মার্চ মাহ পর্যন্ত মহাৰাষ্ট্রৰ মুখ্যমন্ত্রী পদত আসীন আছিল। ১৯৬৮ চনত তেওঁ মহাৰাষ্ট্র এডুকেচন ট্রাস্ট গঠন কৰিছিল। তেওঁৰ চৰকাৰৰ সহয়তাত ১৯৮১ চনত প্রতিষ্ঠিত হয়, মহাৰাষ্ট্র পলি (ডি ফাৰ্মাচী) ইন্সটিটিউট। ১৯৮৩ চনত হয় মহাৰাষ্ট্র কলেজ অব ইঞ্জিনিয়াৰিং। তেওঁৰ প্রিয় বিষয়বস্তু আছিল শাস্ত্রীয় সংগীত, ভলিবল, টেবুল টেনিছসহ বিভিন্ন বিষয়। শিৱাজীৰাও পাটিল নীলাঙ্গেকাৰ মহাৰাষ্ট্রৰ দশমতম মুখ্যমন্ত্রী আছিল।