নিউজ ডেস্ক:
মোদীৰ ৰাম মন্দিৰৰ শিলান্যাসৰ ঠিক আগতে শুভেচ্ছা বার্তা দিলে বর্ষীয়ান বিজেপি নেতা লালকৃষ্ণ আডৱানীয়ে। তেওঁ কয়, অৱশেষত প্রতীক্ষা সার্থক হ’ল।
উল্লেখযোগ্য যে ৰাম মন্দিৰ নিৰ্মাণৰ ক্ষেত্ৰত যিসকল সকলোতকৈ বেছি উদ্যোগী আছিল তেওঁলোকৰ ভিতৰত অন্যতম হ’ল লালকৃষ্ণ আডৱানী। তেওঁ কয়, “বহু সময়ত জীৱনৰ কিছু স্বপ্ন পূৰণত অনেক সময় লাগি যায়, কিন্তু যেতিয়া সেয়া সফল হয়, তেতিয়া ভাব হয় সেই প্রতীক্ষা সার্থক। ” কেৱল নিজৰ বাবেই নহয়, সকলো ভাৰতীয়ৰ বাবেই এই ৰাম মন্দিৰ উদ্বোধনৰ সময়কালক তেওঁ ‘ঐতিহাসিক’ বুলিও আখ্যা দিয়ে।
উল্লেখ্য, এইগৰাকী প্রবীণ বিজেপি নেতাৰ হাতত ধৰিয়েই ৰাম মন্দিৰ আন্দোলনত বিৰাট জোৱাৰ আনিছিল ভাৰতীয় জনতা পার্টিয়ে। এসময়ত (১৯৯০ চনত) ৰাম মন্দিৰ নিৰ্মাণৰ দাবীত গুজৰাটৰ সোমনাথৰ পৰা ৰথযাত্রাও আৰম্ভ কৰিছিল তেওঁ। সেই ৰথযাত্রাৰ পিছৰ পৰাই বিজেপিয়ে ৰামমন্দিৰ নিৰ্মাণৰ দাবী অধিক জোৰদাৰ কৰে বুলিও জনা যায়। সেই হিচাবত নিজৰ স্বপ্ন সার্থক হোৱাৰ পূৰ্বে বার্তা দিলে লালকৃষ্ণ আডৱানীয়ে। উল্লেখযোগ্য যে ক’ৰোনাৰ কাৰণেই বর্ষীয়ান নেতা লালকৃষ্ণ আডৱানী ভূমিপূজাস্থলীত উপস্থিত থাকি স্বচক্ষে এই ঐতিহাসিক দৃশ্যৰ সাক্ষী হোৱাৰ পৰা বিৰত থাকে।