ASSAM TIMES POST
বোকাখাতঃ
আজি কৰ্বেট ফাউণ্ডেশ্যনৰ উদ্যোগত বোকাখাত নেপালীখুঁটি বনুৱা প্ৰাথমিক বিদ্যালয়ত কণ কণ ছাত্ৰ-ছাত্ৰীসকলৰ মনোৰঞ্জনৰ লগতে সজাগতা আৰু জ্ঞান বৃদ্ধিৰ অৰ্থে তিনিখনকৈ প্ৰকৃতি বিষয়ক তথ্যচিত্ৰ প্ৰদৰ্শন কৰা হয়। তথ্যচিত্ৰ প্ৰদৰ্শনৰ আৰম্ভণিতে বিদ্যালয়খনিৰ অৱসৰপ্ৰাপ্ত প্ৰধান শিক্ষক বুবুল দত্তই আঁত ধৰা আৰম্ভণি অনুষ্ঠানত কৰ্বেট ফাউণ্ডেশ্যনৰ হৈ সহযোগিতা আগবঢ়োৱা শিক্ষা আৰু সমন্বয়ৰক্ষী বিষয়া যদুমনি গোস্বামী আৰু ক্ষেত্ৰ সহায়ক পংকজ ৰাজগুৰুক একোখনিকৈ ফুলাম গামোচাৰে সম্বৰ্দ্ধনা জনায় বিদ্যালয়খনৰ প্ৰধান শিক্ষয়িত্ৰী উমা আচাৰ্যই।

বিদ্যালয়খনৰ কণ কণ ছাত্ৰ-ছাত্ৰীসকলক প্ৰকৃতিৰ প্ৰতি সজাগ কৰি তুলিবলৈ তথা প্ৰকৃতি বিষয়ক জ্ঞান বৃদ্ধি কৰি আকৰ্ষিত কৰি তোলাৰ উদ্দেশ্যে প্ৰদৰ্শন কৰা তথ্যচিত্ৰ কেইখন আছিল ২০১৯ বৰ্ষৰ প্ৰকৃতি বিষয়ক আন্তঃৰাষ্ট্ৰীয় শ্ৰেষ্ঠ ছবিৰ খিতাপ দখল কৰা ধৃতিমান কাকতিৰ নিৰ্দেশনাৰ ‘দ্যা মেন হু স্পীকচ্ নেচাৰ’ আৰু ক্ৰমে হাতী আৰু সাপৰ ওপৰত নিৰ্মিত দুখনকৈ আন তথ্যচিত্ৰ।
তথ্যচিত্ৰ প্ৰদৰ্শন অনুষ্ঠানত বিদ্যালয়খনৰ সমূহ শিক্ষক শিক্ষয়িত্ৰী, ছাত্ৰ-ছাত্ৰীৰ লগতে ভালেসংখ্যক অভিভাৱক উপস্থিত আছিল। বোকাখাত মহকুমাৰ অন্তৰ্গত, বোকাখাত নগৰৰ গাতে লাগি থকা নেপালীখুঁটি বনুৱা প্ৰাথমিক বিদ্যালয়খনি শৃংখলাবদ্ধতা, আদৰ্শ আৰু নিয়মানুবৰ্তীতাৰ বাবে জনাজাত। উল্লেখ্য যে ব্যতিক্ৰম বিদ্যালয়খনৰ ছাত্ৰ-ছাত্ৰীৰ বন্যপ্ৰাণীৰ প্ৰতি থকা প্ৰেম সম্প্ৰতি অঞ্চলটোৰ এক চৰ্চিত বিষয় হৈ পৰিছে তথা পৰম্পৰাৰ ৰূপ পাইছে।
যোৱা ২০১৬ বৰ্ষত কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যানত বানৰ কবলৰ পৰা উদ্ধাৰ কৰা গঁড়পোৱালীলৈ বিদ্যালয়খনৰ সমূহ ছাত্ৰ-ছাত্ৰীয়ে এদিনৰ মধ্যকালীন ভোজন পৰিহাৰ কৰি সেই মূল্যৰ আহাৰ দান কৰিছিল। তদুপৰি বিদ্যালয়খনত এবাৰ আঘাতপ্ৰাপ্ত হৈ অতি মূৰ্মুৰ্ষ অৱস্থাত উদ্ধাৰ হোৱা এটি বান্দৰ পোৱালীক উপযুক্ত সময়ত বিদ্যালয় কৰ্তৃপক্ষৰ সহযোগত প্ৰয়োজনীয় চিকিৎসা প্ৰদান কৰোৱাই উদাহৰণ গঢ়ি তুলিছিল ছাত্ৰ-ছাত্ৰীসকলে।

তদানীন্তন প্ৰধান শিক্ষক বুবুল দত্তৰ কাৰ্যকালত এবাৰ বিদ্যালয়খনত উদ্ধাৰ হোৱা এডাল বৃহতাকাৰ সাপ ছাত্ৰ-ছাত্ৰীসকলৰ সজাগতাৰ বাবেই বন বিভাগে উদ্ধাৰ কৰি অৰণ্যত মেলি দিয়া সম্ভৱপৰ হৈছিল। তদুপৰি বিভিন্ন সময়ত বিদ্যালয় কৰ্তৃপক্ষই বিভিন্ন সময়ত গ্ৰহণ কৰি অহা সংস্কাৰমূলক পদক্ষেপ সমূহে বিদ্যালয়ৰ শিক্ষক-শিক্ষয়িত্ৰীসকলক একাগ্ৰতা আৰু কৰ্তব্যপৰায়ণতাৰে শিক্ষা প্ৰদানত ব্ৰতী হ’বলৈ উৎসাহ যোগাই আহিছে। এনে ব্যতিক্ৰমী পদক্ষেপৰ বাবেই নেপালীখুঁটি বনুৱা প্ৰাথমিক বিদ্যালয়ে সমাজলৈ শিক্ষা আৰু সংস্কৃতিৰ ক্ষেত্ৰত প্ৰভাৱশালী বৰঙণি যোগাবলৈ সক্ষম হৈছে আৰু অভিভাৱকসকলৰ ভাৰসাৰ কেন্দ্ৰ হৈ পৰিছে।













