নিউজ ডেস্ক:
আহমদাবাদৰ এখন বেচৰকাৰী ক’ভিড চিকিৎসালয়ত হোৱা অগ্নিকাণ্ডত বৰ্তমানলৈকে ৮ জন লোকৰ মৃত্যু হৈছে৷ বৃহস্পতিবাৰে পুৱা হোৱা বিধ্বংসী অগ্নিকাণ্ডৰ পাচতে উদ্ধাৰ অভিযান আৰম্ভ হয়৷
আহমদাবাদৰ নৱৰংপুৰ এলেকাৰ শ্ৰেয় হাস্পতালত সংঘটিত হয় এই অগ্নিকাণ্ড৷ এই বেচৰকাৰী চিকিৎসালয়খনত ক’ৰোনা ভাইৰাছত আক্ৰান্ত ৰোগীক চিকিৎসা কৰা হৈছিল৷ উল্লেখ্য যে অগ্নিকাণ্ডত নিহত ৮ জন লোক আইচিইউত আছিল বুলি জানিব পৰা গৈছে৷ চিকিৎসালয়খনত ৪০ জন ৰোগীৰ উদ্ধাৰ কৰিছে অগ্নিনিৰ্বাপক বাহিনীয়ে৷
আনহাতে উদ্ধাৰ কৰা লোকসকলক আন চিকিৎসালয়লৈ স্থানান্তৰিত কৰা হৈছে৷ অগ্নিকাণ্ড কি কাৰণত হ’ল বৰ্তমানে জানিব পৰা নাই৷ এই ঘটনাত দুখ প্ৰকাশ কৰি প্ৰধানমন্ত্ৰী নৰেন্দ্ৰ মোডীয়ে টুইট কৰি কয়, আহমদাবাদৰ চিকিৎসালয়ত জুই লগাত দুঃখিত৷ মৃতসকলৰ পৰিয়ালৰ প্ৰতি প্ৰধানমন্ত্ৰীয়ে সমবেদনা জনায়৷ আহতসকলৰ দ্ৰুত সুস্থ হোৱাৰ কামনা কৰিছে৷