ASSAM TIMES POST, গোলাঘাটঃ অসমৰ প্ৰথমগৰাকী শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ মৃত্যু তিথি উপলক্ষে গোলাঘাট মিডিয়া ফ’ৰামৰ উদ্যোগত আৰু গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ সহযোগত শুকুৰবাৰে গোলাঘাট বাণিজ্য মহাবিদ্যালয়ৰ প্ৰেক্ষাগৃহত এখনি সাংবাদিক কৰ্মশালা আৰু মত বিনিময় অনুষ্ঠানৰ আয়োজন কৰা হয়৷

এই উপলক্ষ্যে পুৱা বৃক্ষৰোপন, কৰ্মশালাত অংশগ্ৰহণকাৰীৰ নাম পঞ্জীয়ন অনুষ্ঠান অনুষ্ঠিত হয়৷ ইয়াৰ পিছতে শ্বহীদ সাংবাদিক কমলা শইকীয়াৰ প্ৰতিচ্ছবিত বন্তি প্ৰজ্বলন কৰে গোলাঘাটৰ আৰক্ষী অধীক্ষক পুষ্পৰাজ সিঙে৷ শ্বহীদ সাংবাদিকগৰাকীৰ স্মৃতিত অনুষ্ঠিত কৰা “উন্নয়নমূলক সাংবাদিকতা” শীৰ্ষক বিষয়ৰ কৰ্মশালাখনিৰ উদ্বোধন কৰে গোলাঘাটৰ জিলা উপায়ুক্ত ধীৰেণ হাজৰিকাই৷ উক্ত সাংবাদিক কৰ্মশালাখনিত সমল ব্যক্তি ৰূপে উপস্থিত থাকে ‘আমাৰ অসম’ কাকতৰ সম্পাদক প্ৰশান্ত ৰাজগুৰুৰ লগতে অন্য দুগৰাকী বিশিষ্ট সাংবাদিক ‘ইণ্ডিয়ান এক্সপ্ৰেছ’ কাকতৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক সমুদ্ৰগুপ্ত কাশ্যপ আৰু ‘দ্যা হিন্দু’ কাকতৰ প্ৰাক্তন জ্যেষ্ঠ সহকাৰী সম্পাদক সুশান্ত তালুকদাৰ৷ কৰ্মশালাৰ অন্তত বিশিষ্ট সাংবাদিক কেইগৰাকীৰ সৈতে অনুষ্ঠানটোত উপস্থিত থকা নাগৰিকৰে এক মত বিনিময় অনুষ্ঠানো অনুষ্ঠিত হয়৷

অনুষ্ঠানত গোলাঘাটৰ নাগৰিক, সাংবাদিক আৰু কেইবাখনো মহাবিদ্যালয়ৰ ছাত্ৰছাত্ৰীকে ধৰি প্ৰায় দুই শতাধিক লোক উপস্থিত থাকে৷ অনুষ্ঠানত উপস্থিত সকলোকে ধন্যবাদ জ্ঞাপন কৰে গোলাঘাট মিডিয়া ফ’ৰামৰ হৈ সভাপতি দ্বীপেন দত্ত, কাৰ্যকৰী সভাপতি অপূৰ্ব বল্লভ গোস্বামী, যুটীয়া সম্পাদকদ্বয় দিগন্ত কুমাৰ বৰা আৰু ভাস্কৰজ্যোতি বৰদলৈয়ে৷













